তুৰস্ক-ছিৰিয়াৰ বিধ্বংসী ভূমিকম্পত নিহতৰ সংখ্যা ৪১ হাজাৰলৈ বৃদ্ধি !

তুৰস্ক আৰু ছিৰিয়াত হৈ যোৱা বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৪১ হাজাৰলৈ বৃদ্ধি।বিধ্বংসী ভূমিকম্পই কপাই গৈছিল দুখনকৈ দেশক।হেজাৰ হেজাৰ লোক মৃত্যু হোৱাৰ উপৰিও গৃহহীন হৈছিল লক্ষাধিক লোক।দুয়োখন দেশতে কেইবা হাজাৰ লোক আহত আৰু শ শ লোক ধ্বংসস্তূপত মাজত আৱদ্ধ হৈ আছে ।

বিভিন্ন নগৰ-মহানগৰত উদ্ধাৰ অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত মৃত্যুৰ সংখ্যা বৃদ্ধিৰ হোৱাৰ পূৰ্ণ সম্ভৱনা আছে।দুয়োখন দেশতে ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই ধ্বংসলীলাৰ সৃষ্টি কৰিছিল।এইটো হ’ল ১৯৩৯ চনৰ পাছত তুৰস্কত হোৱা সৰ্ববৃহৎ ভূমিকম্প।

ভূমিকম্পই দেশখনক বিচলিত কৰাৰ পিছত উদ্ভৱ হোৱা সংকটৰ বাবে ভাৰতে তুৰস্কক চলিত উদ্ধাৰ প্ৰচেষ্টাত সহায় কৰি আছে। শেহতীয়াকৈ দেশখনত হোৱা ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ বাবে, ভাৰতীয় সেনাই দুৰ্যোগ সাহায্য দল প্ৰেৰণ কৰিছে আৰু এখন ফিল্ড হস্পিটেল স্থাপন কৰিছে।তুৰ্কী আৰু ছিৰিয়াত হোৱা এই বিধ্বংসী ভূমিকম্পটো শতিকাৰ আটাইতকৈ বৃহৎ ভূমিকম্প।
এই ভূমিকম্পৰ ফলত কিমান জন লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু কিমানক উদ্ধাৰ কৰা হোৱা নাই এতিয়াও স্পষ্ট তথ্য় পোৱা নাই।চৰকাৰী সূত্ৰ অনুসৰি তুৰস্কৰ ভূমিকম্পত আক্ৰান্ত প্ৰদেশসমূহত উদ্ধাৰ আৰু সাহয্যৰ প্ৰচেষ্ট ত্বৰান্বিত কৰাৰ বাবে তিনি মাহৰ জৰুৰীকালীন অৱস্থা কাৰ্যকৰী হব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।