Local, Vocal, Global

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে নিহত স্বামী–স্ত্ৰী…

ডিজিটেল ডেস্ক:- নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।নলবাৰীৰ মুগকুছিত দেওবাৰে মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS 01EZ 4055 নম্বৰৰ এখন ব্যক্তিগত বাহনে তীব্ৰবেগত এজোপা গছত খুন্দা মাৰে।খুন্দাত থিতাতে নিহত হয় স্বামী–স্ত্ৰী৷ সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ কণমানিটি।

ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে শিশুটিক।টোপনিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ‌কৰা হৈছে।জানিব পৰা মতে
দুৰ্ঘটনাত নিহত হোৱা দম্পতীহালৰ পৰিচয় লাভ কৰিব পৰা নাই। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বাহনখনত জুইৰ সূত্ৰপাত হয়।দুৰ্ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণ কৰে।