কাজিৰঙাত পুনৰ গঁড় হত্যা !নৃশংসভাৱে গঁড় হত্যা কৰি খৰ্গ নিলে চোৰাং চিকাৰীয়ে…

ডিজিটেল ডেস্ক:-কাজিৰঙাত পুনৰ গঁড় হত্যা।কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বছৰটোৰ প্রথমটো গঁড় হত্যা।৪ বছৰৰ অন্তত পুনৰ গড় হত্য়াত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰে।
বাগৰি ৰেঞ্জৰ কাঠপাৰা বনশিবিৰৰ ওচৰত চোৰাং চিকাৰীয়ে হত্যা কৰিছে গড়টো।নৃশংসভাৱে গঁড় হত্যা কৰি খৰ্গ নিলে চোৰাং চিকাৰীয়ে।ৰাষ্ট্রীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ কাঠপৰা শিবিৰ এলেকাত এই ঘটনা সংঘটিত হয়।৪-৫ দিন পূৰ্বে চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ।দেওবাৰে দিনৰ ভাগত বন বিভাগে উদ্ধাৰ কৰে খৰ্গ বিহীন গঁড়ৰ মৃতদেহটো।বন বিভাগ, আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীলৈ ৰাওনা।এই তথ্য জানিবলৈ দিয়ে DFO ৰমেশ কুমাৰ গগৈয়ে।