Local, Vocal, Global

৫মহীয়া শিশুৰ পেটত ওলাল ভ্ৰুণ !

ডিজিটেল ডেস্ক:- বৰপেটাত সংঘটিত হৈছে অদ্ভুদ ঘটনা। ৫মহীয়া সন্তানৰ পেটত ওলাল মৃত ভ্ৰুণ ৷৫মহীয়া সন্তান এটিক মাতৃয়ে চিকিৎসকৰ বাবে চিকিৎসালয়লৈ আনিছিল আৰু তেতিয়াই চিকিৎসকে শিশুটিক ছ’ন’গ্ৰাফী কৰে তাৰ পিছতেই চিকিৎসকে শিশুটোৰ পেটত মৃত ভ্ৰুণ থকা কথা প্ৰকাশ কৰে।

শিশুটোৱে অস্বাভাৱিক আচৰণ কৰা আৰু শিশুটোৰ পেটৰ ভিতৰত কোনো টান বস্তুৰ অৱস্থিতি অনুভৱ কৰি শিশুটোৰ মাতৃয়ে বৰপেটাৰোডৰ কস্তুৰী মেডিকেল এণ্ড ডায়গ্ন’ষ্টিক চেন্টাৰলৈ চিকিৎসাৰ বাবে লৈ আহিছিল আৰু তেতিয়াই চিকিৎসকে এই কথা প্ৰকাশ কৰে।

চিকিৎসকে জানিবলৈ দিয়া মতে মাতৃয়ে গৰ্ভধাৰণৰ সময়তে শিশুটোৰ পেটত আন এটা ভ্ৰুণে বাহ লৈছিল ৷ প্ৰতি ৫ লাখ শিশুৰ ভিতৰত এটা শিশুৰ ক্ষেত্ৰত এনে ঘটনা ধৰা পৰে ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ফিটাচ ইন ফিটো বুলি কোৱা হয় ৷ বিশেষকৈ ল’ৰা শিশুৰ ক্ষেত্ৰতে এনে লক্ষণ অধিক হয় ৷

চিকিৎসকে জানিবলৈ দিয়া অনুসৰি অস্ত্ৰোপচাৰৰ জৰিয়তে মৃত ভ্ৰুণটো আঁতৰাব লাগিব ৷ অৱশ্যে ইয়াৰ বাবে চিন্তাৰ কোনো বিশেষ কাৰণ নাই বুলিও কয় চিকিৎসকে ।