Dead Body Recovered in Merapani : পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক, ৩ মাৰ্চ : ৰাজ্যৰ পুনৰ উদ্ধাৰ মৃতদেহ । পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ ।
ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Dead Body Recovered ) ।
এইবাৰ গোলাঘাটত উদ্ধাৰ ৰহস্যজনক মৃতদেহ । পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ । গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ দয়ালপুৰত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । নাগালেণ্ডত শ্ৰমিক হিচাপে কৰ্মৰত লোকজনে দীনেশপুৰত থকা ভগ্নীৰ গৃহলৈ বুলি শনিবাৰে আহিছিল(Dead Body Recovered in Merapan) ।
তাৰ পিচতে দেওবাৰে পুৱা এটা পুখুৰীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে । নিহত ব্যক্তিজনৰ নাম দেৱান বসুমতাৰী বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । লগতে আৰক্ষীয়ে স্থানীয় লোককো সোধ-পোছ অব্যাহত ৰাখিছে ৷
বৰ্তমানলৈ জানিব পৰা হোৱা নাই এয়া হত্যা নে অন্য কিবা । আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।
লগতে পঢ়ক : Chhattisgarh Clash : ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ