Dead Body Recovered in Guwahati : হাতীগাঁৱৰ কাছা লিমিটেডো এপাৰ্টমেণ্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ
নিউজ ডেস্ক, ৩০ নৱেম্বৰ : পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ । হেঙেৰাবাৰীৰ হাউছ নম্বৰ ৩ত এটা ভাড়া ঘৰ মৃতদেহ উদ্ধাৰৰ ৰহস্য মাৰ নৌযাওতে, পুনৰ পোহৰলৈ আন এক মৃতদেহ উদ্ধাৰৰ ঘটনা(Dead Body Recovered in Guwahati) ।
দেওবাৰে উদ্ধাৰ হৈছিল অনুষ্কা শইকীয়া নামৰ এগৰাকী যুৱতীৰ মৃতদেহ । তাৰ পিছতে মৃতদেহক লৈ সৃষ্টি হৈছিল চাঞ্চল্যৰ । আৰক্ষীকে ধৰি ফৰেনচিক দলে আৰম্ভ কৰিছিল তদন্ত । প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য । তেনে সময়তে পোহৰলৈ আহিল আন এক চাঞ্চল্যৰ ঘটনাৰ(Dead Body Recovered) ।
এইবাৰ গুৱাহাটী মহানগৰীৰ অভিজাত ফ্লেটত উদ্ধাৰ যুৱতীৰ মৃতদেহ। হাতীগাঁৱৰ কাছা লিমিটেডো এপাৰ্টমেণ্টত উদ্ধাৰ মৃতদেহটো । মৃত যুৱতীগৰাকীৰ নাম ঋতিকা সোণাৰ । ঘৰ মেঘালয়ত বুলি জানিব পৰা গৈছে। জেটউইংছ নামৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছিল যুৱতীগৰাকী ।
জানিব পৰা মতে, ঋতিকা সোণাৰ ৰূপেশ ৰয় নামৰ এজন যুৱকৰ সৈতে লিভিইনত আছিল ঋতিকা । ৰূপেশ ৰয় নামৰ যুৱকজনৰ ঘৰ পশ্চিমবংগত । ইতিমধ্য়ে ঘটনা সন্দৰ্ভত ৰূপেশ ৰয় নামৰ যুৱকজনক আটক কৰিছে আৰক্ষীয়ে । যুৱতীগৰাকীৰ মৃতদেহ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰখা হৈছে।
যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
লগতে পঢ়ক :Road Accident : অকালতে হেৰাই গ’ল এজনী মেধাৱী ছাত্ৰী