Dead body recovered : নগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ

নিউজ ডেস্ক,২০জুলাই : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।
পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ । শনিবাৰে পুৱা নগাঁও জিলাৰ গোমোঠা গাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উদ্ধাৰ এটি অচিনাক্ত মৃতদেহ । এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় ।
বৰ্তমানলৈ চিনাক্ত হোৱা নাই উদ্ধাৰ হোৱা মৃতদেহটো । ব্যক্তিজন মানসিকভাৱে ভাৰাক্ৰান্ত বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : Road Accident in Rangapara : চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক