Local, Vocal, Global

Bodies of two youths drowned in rupahi waterfall recovered : অৱশেষত উদ্ধাৰ হ’ল গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ নিখোজ হোৱা দুই যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,২০জুলাই : অৱশেষত উদ্ধাৰ হ’ল গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ নিখোজ হোৱা দুই যুৱকৰ মৃতদেহ।

সন্ধানহীন হোৱা যুৱক দুজনৰ নামচাই জিলাৰ লংলেট লাওচাক এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে আৰু গোগামুখৰ তাজিক গাঁৱৰ গোলাপ পেগুৰ মৃতদেহ জলপ্ৰপাতৰ পৰা দুই কিলোমিটাৰ নিলগত উদ্ধাৰ কৰে স্থানীয় ৰাইজে(Bodies of two youths drowned in rupahi waterfall recovered)।

উল্লেখ্য যে, শুকুৰবাৰে পুৱা প্ৰায় ৯ মান বজাত গোগামুখৰ পৰা এটা যুৱকৰ দলে গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি গা ধুবলৈ গৈছিল ৰূপহী জলপ্ৰপাতত। জলপ্ৰপাতত পৰি সন্ধানহীন হয় যুৱক দুজন ।

সন্ধানহীন যুৱক দুজনক শুকুৰবাৰেই এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল যদিও নিশাৰ ভাগত উদ্ধাৰ অভিযান বন্ধ ৰাখিছিল। আজি পুৱাৰে পৰা পুনৰ উদ্ধাৰ অভিযান চলাই অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লংলেট লাওচা নামৰ যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে আনজন যুৱক গোলাপ পেগুক ঘটনাস্থলীৰ পৰা দুই কিলোমিটাৰ নিলগত স্থানীয় ৰাইজে মৃত অৱস্থাত উদ্ধাৰ কৰে।

সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক : Dead body recovered : নগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ