Dead body recovered : উদ্ধাৰ সন্ধাহীন বংশী ৰবিদাসৰ মৃতদেহ

দেৰগাঁও,১০জুলাই : ৰাজ্যত বান বিভীষিকাৰ মাজতে দেৰগাঁৱত শোকাবহ ঘটনা।
মাছ ধৰিবলৈ গৈ সলিল সমাধি যুৱকৰ ।ব্ৰহ্মপুত্ৰ অঞ্চলৰ ২ নং খকন্দগুৰিত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।
জানিব পৰা মতে, মাছ ধৰিবলৈ গৈছিল বংশী ৰবিদাস নামৰ ৩০ বছৰীয়া যুৱকজন। মঙলবাৰে নিশা বংশী ৰবিদাস নামৰ যুৱকজন মাছ ধৰিবলৈ গৈছিল পুঙনি জানত। মাছ ধৰিবলৈ গৈ নিশা ঘৰলৈ উভটি নাহিল বংশী ৰবিদাস।তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন(Dead body recovered) ।
বুধবাৰে বিয়লি ভাগত পুঙনি জানত উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহ। SDRF য়ে উদ্ধাৰ কৰে যুৱক জনৰ মৃতদেহ।
লগতে পঢ়ক :Teenage missing in Barpeta : বৰপেটাত সন্ধানহীন ১৩ বছৰীয়া কিশোৰ