Local, Vocal, Global

Man goes Missing : নগাঁৱৰ পৰা নিৰুদ্দেশ ই-ৰিক্সা চালক

নিউজ ডেস্ক,১০জুলাই : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।

এইবাৰ নগাঁৱৰ পৰা নিৰুদ্দেশ ই-ৰিক্সা চালক ।

জানিব পৰা মতে, নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি গাঁৱৰ ই-ৰিক্সা চালকজন মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হোৱা লোকজন নজৰুল ইছলাম বুলি জানিব পৰা গৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, নজৰুলে অন্য দিনাৰ দৰে মঙলবাৰেও বিয়লি ৪-০০বজাত ই ৰিক্সা লৈ ভাড়া মাৰিবলৈ ওলাই গৈছিল।তাৰ পাছত ঘৰলৈ উভতি নাহিল নজৰুল । ঘৰলৈ উভতি নহাত পৰিয়ালৰ সদস্যই বুধবাৰে পুৱা আত্মীয় স্বজন তথা বন্ধু-বান্ধৱৰ ঘৰত বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ নাপাই নজৰুল । অৱশেষত উপাইহীন হৈ বটদ্ৰৱা থানাত লিখিত এজাহাৰ দাখিল কৰে(Man goes Missing) ৷

আৰক্ষীয়ে এজেহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি আজি বিয়লি হয়বৰগাঁৱ আৰক্ষীৰ চকীৰ অন্তৰ্গত গৰৈমাৰীৰ পৰা নজৰুলৰ AS 02 GR 0813 নম্বৰৰ ই-ৰিক্সাখন উদ্ধাৰ কৰে।

ৰহস্যজনকভাৱে উদ্ধাৰ কৰি অনা ই-ৰিক্সাখনৰ চাৰিটা বেটাৰী আৰু অতিৰিক্ত টায়াৰটো পোৱা নাই ৷ বৰ্তমানলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও চালক নৰুল আমিনকো উদ্ধাৰ কৰিব পৰা নাই ৷

কোনো সদাশয় লোকে ৫০ বছৰীয়া নুৰুল আমিনৰ সম্ভেদ পালে বটদ্ৰৱা আৰক্ষীক নহ’লে 7002788643 এই নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনাই।

লগতে পঢ়ক : Dead body recovered : উদ্ধাৰ সন্ধাহীন বংশী ৰবিদাসৰ মৃতদেহ