Dead Body Found in Sivasagar:তেল ভৰ্তি ড্ৰামৰ ভিতৰত উদ্ধাৰ যুৱক মৃতদেহ
নিউজ ডেস্ক,৫ডিচেম্বৰ: পুনৰ ৰাজ্যত মৃতদেহ উদ্ধাৰ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead Body Found in Sivasagar)।
শিৱসাগৰত চাঞ্চল্যৰ ঘটনা ।শিৱসাগৰত তেল ভৰ্তি ড্ৰামৰ ভিতৰত উদ্ধাৰ যুৱক মৃতদেহ।বেতবাৰী কাকতি গাওঁ মনোজ দত্ত ঘৰত সংঘটিত হৈছে এই ঘটনাটো ৷
উদ্ধাৰ হোৱা যুৱকজন কোৱামৰা সত্ৰৰ ক্ষণিক বৰুৱা বুলি জানিব পৰা গৈছে ।ইতিমধ্যে ঘটনা সন্দৰ্ভত আটক কৰাৰ হৈছে মনোজ দত্ত পুত্ৰ কৌস্তুভ দত্ত নামৰ দুই যুৱকক ।
কৌস্তুভ দত্ত আৰু ক্ষণিক বৰুৱা দুয়ো বাল্যকালৰ বন্ধ।দুয়ো তেল চুৰি কাণ্ডৰ লগত জড়িত থকা সন্দেহ ।
লগতে পঢ়ক :Dhing News: এখন বিশেষ গাওঁ;যিখন গাঁৱত আজি পৰ্যন্ত ভৰি দি পোৱা নাই আৰক্ষীয়ে