Local, Vocal, Global

Watch | David Sanga murder case: ৰঙাপৰাৰ কলনী চাহ বাগিচাৰ ডেভিদ চাংগা হত্যাকাণ্ডৰ লগত জড়িত আনন্দ কৰ্ম্মকাৰক মাৰাথান জেৰা আৰক্ষীৰ

জামুগুৰিহাট: ৰঙাপৰাৰ কলনী চাহ বাগিচাত সংঘটিত জঘন্য হত্যাকাণ্ডৰ সৈতে জড়িত এজনক আটক কৰিবলৈ সক্ষম হৈছে ৰঙাপৰা আৰক্ষী ৷ কলনী চাহ বাগিচাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল আনন্দ কৰ্মকাৰ নামৰ যুৱক জন ৷ আটকাধীন যুৱক জনৰ ঘৰ কলনী চাহ বাগিচাৰ হস্পিতাল লাইনত ৷

হত্যাকাণ্ডৰ সৈতে প্ৰত্যক্ষ ভাবেই জড়িত আছিল এইজন আনন্দ কৰ্মকাৰ ৷ ৰঙাপৰাৰ কলনী চাহ বাগিচাৰ ডেভিড চাংগা নামৰ যুৱক জনক গুলিয়াই হত্যা কৰি পলায়ন কৰিছিল দুজনকৈ অচিনাক্তই ৷ যোৱা শনিবাৰে নিশা ডেভিদ চাংগা নামৰ যুৱক জনক ঘৰৰ পৰা মাতি আনি সৎসঙ্গ বিহাৰ (জয় গুৰু মন্দিৰ) সন্মূখত বুকুত গুলিয়াই হত্যা কৰি পলায়ন কৰিছিল দুজনকৈ যুৱকে । যি ঘটনাই বাগিচা খনত চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ৭.৬৫ পিষ্টলৰ খালী কাৰ্টিজ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ কিছু দুৰত্বত গৰাকী বিহীন (এ পি -৩৭- বি পি- ০১)AP-37-BP-01 নম্বৰৰ এখন আপাছি মটৰ চাইকেল উদ্ধাৰ কৰিছিল ।

ইয়াৰ পাছতে ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধনজিৎ হালৈয়ে অভিযান তীব্ৰতৰ কৰি অৱশেষত এজনক আটক কৰিবলৈ সক্ষম হৈছে৷ কিন্তু এই জঘণ্য হত্যাকাণ্ডৰ মূল অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে ৷সম্প্ৰতি ৰঙাপৰা আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জঢ়িত আটকাধীন আনন্দ কৰ্ম্মকাৰক ভাৰতীয় ডণ্ডবিধিৰ অধিনত গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে৷