Local, Vocal, Global

গুৱাহাটীত পুনৰ বোৱাৰীৰ আত্মহত্যা

নিউজ ডেস্ক, ১ জুন: নুনমাটিৰ মাৰ্কেটিঙত চাঞ্চল্যকৰ ঘটনা । ডেৰ বছৰীয়া সন্তানক এৰি ৰেলৰ আগত জাঁপ দি চৰম সিদ্ধান্ত মাতৃৰ।

ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। আৰক্ষীয়ে মৃতদেহটো মঠঘৰীয়াৰ ভনিতা কলিতা বুলি জানিব দিয়ে।

ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কি কাৰণত বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰিলে তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।

পাৰিবাৰিক কন্দলৰ বাবেই বোৱাৰীগৰাকীৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে।