দুখবৰঃ জনপ্ৰিয় কণ্ঠশিল্পী কে কে আৰু নাই
নিউজ ডেস্ক, ১ জুন: জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্য । তেওঁৰ এই আকস্মিক মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে এতিয়া অজস্ৰ গুণমুগ্ধক।
সংগীতৰ মাজেৰেই হেৰাই গ’ল বলিউডৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী কে কে। কলকাতাৰ গুৰুদাস কলেজৰ এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজতেই বাৰে বাৰে অসুস্থ হৈ পৰা কে কেক পৰৱৰ্তী সময়ত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হোৱাৰ কথা হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰে।
পল আৰু য়াৰোৰ দৰে গানৰ বাবে জনপ্ৰিয় হৈ পৰা গায়কগৰাকীয়ে কলকাতাৰ নজৰুল মাঞ্চা প্ৰেক্ষাগৃহত সংগীতানুষ্ঠানত অংশ লৈছিল।
কে কেৰ সম্পূৰ্ণ নাম আছিল কৃষ্ণ কুমাৰ কুন্নাথ। মঙলবাৰে নিশা কলকাতাৰ প্ৰসিদ্ধ গুৰুদাস কলেজৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজে মাজে নিজৰ শাৰীৰিক অসুস্থতাৰ কথা বাৰে বাৰে প্ৰকাশ কৰিছিল। আনকি তেওঁৰ অসুবিধা হোৱাৰ বাবে নজৰুল মঞ্চৰ স্পট লাইট বন্ধ কৰিদিবলৈও তেওঁ অনুৰোধ জনাইছিল।