Local, Vocal, Global

নদী বান্ধসমূহে এৰিলে বান্ধৰ পানী

নিউজ ডেস্ক, ১৮ জুন : বিগত কেইবাদিন ধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে উত্তৰ পূৰ্বাঞ্চলত বানে বিভীষিকাময় পৰিবেশৰ সৃষ্টি কৰিছে।

মুষলধাৰ বৰষুণৰ ফলত পানীৰ পৰিমাণ বৃদ্ধি হোৱাত খুলি দিছে ইটোৰ পিছত সিটো বান্ধৰ পানী । সম্প্ৰতি ভূটান, মেঘালয় , অৰুণাচলৰ পানী বাগৰিছে অসমলৈ। ভূটানে এৰি দিছে Samdrup Jongkhar ৰ বান্ধৰ পানী।

আনফালে পাগলাদিয়া , কালানদী, বৰলীয়া নৈ ,উফন্দি উঠাৰ ফস্বৰূপে ভয়ংকৰ বিপদৰ আকাংক্ষা সৃষ্টি হৈছে নলবাৰী আৰু কামৰূপ জিলাত।

অত্যাধিক বৰষুণ বাবেই এৰিছে বান্ধৰ পানী যাৰ ফলত বহন ক্ষমতা হেৰুৱাইছে অসমৰ নদীসমূহৰ মথাউৰি চিঙি বান বিভীষিকা নামনিৰ বহু অঞ্চলত ।

আগতীয়া জাননী নিদিয়াকৈ ভূটানে Kurisu River damৰ পানী এৰি দিয়াত বজালীত সৃষ্টি হৈছে জলপ্ৰলয়। কুৰিছু হ্ৰদৰ পানী এৰি দিয়াত নামনিত বানৰ সংহাৰী ৰূপ ধাৰণ কৰিছে। আনহাতে পৰিস্থিতি অধিক অৱনমিত হোৱাৰ সন্দেহ কৰিছে ৰাজ্যবাসীয়ে।

ভূটানৰ পৰা অহা ট্ৰাক অবৰোধ কৰাৰ হুংকাৰ AJYCP ৰ।