Daily Horoscope for 5th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ। কৰ্মজীৱনত ভাল বন্ধু লাভ হʼব । টকা-পইচা জমা কৰিব পাৰিব । স্বাস্থ্য ভালে থাকিব।
বৃষ ৰাশি: আজি আপুনি শান্ত হৈ থাকক । দিনটোত বিপদৰ আশংকা আছে ৷
মিথুন ৰাশি: দিনটো মধ্যমীয়া । আপুনি এবাৰ লক্ষ্য স্থিৰ কৰাৰ পিছত তাত উপনীত হ’বলৈ পৰিশ্ৰম কৰক । লক্ষ্যত উপনীত হৈ আপুনি আনন্দিত হ’ব ।
কৰ্কট ৰাশি: আজিৰ দিনটো নাৰীৰ বাবে সৌভাগ্যময় । আপোনাৰ সম্পত্তি আৰু ঘৰখনৰ পৰা লাভৱান হʼব । আনৰ পৰা প্ৰশংসা পাব । আজিৰ দিনটোত ব্যৱসায় কৰিলে সফল আৰু লাভৱান হʼব ।
সিংহ ৰাশি: আজি আপোনাৰ নিজকে সক্ৰিয় যেন অনুভৱ হʼব । আনন্দিত হৈ থাকিব আজিৰ দিনটোত । ভাগ্য ভাল । ব্যৱসায়ত সফল হʼব ।
কন্যা ৰাশি: আজি আপোনাৰ ভাল বন্ধু লাভ হʼব । সতৰ্কতা অৱলম্বন কৰা উচিত ।
তুলা ৰাশি: আজি আপুনি নিজৰ সৌন্দৰ্যৰ ওপৰত মনোযোগ দিব । সৌন্দৰ্য বৃদ্ধি কৰিবলৈ কিছু ধনো খৰচ হʼব পাৰে । নতুন সাজ-পোছাক কিনিব । বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিয়াটো উচিত হ’ব ।
বৃশ্চিক ৰাশি: সৰু-সুৰা দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ আৰম্ভ হʼব । সেইবাবে খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকাটো উচিত।
ধনু ৰাশি: ব্যৱসায়ত সফল হʼব ৷ ব্যৱসায় ডাঙৰ কৰাতো সফল হʼব । উচিত সময়ত কার্য কৰিলে লক্ষ্যপ্ৰাপ্তি হʼব ।
মকৰ ৰাশি: আমাৰ নিজৰ ওপৰত বিশ্বাস-ভৰসা থাকিলে লক্ষ্যপ্ৰাপ্তিত সফল হয় । আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ ফলত সফল হʼব । সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব ।
কুম্ভ ৰাশি: আজি ভাগ্য ভাল হʼব । দিনটো আপোনাৰ প্ৰায় সফল হʼব । ব্যৱসায়ত লাভ হʼব ।
মীন ৰাশি: আপোনাৰ আজি গ্ৰহ প্ৰায় ভাল যদিও টকা-পইচা অনিশ্চিত হʼব পাৰে, খৰচ বৃদ্ধি হʼব পাৰে । টকা-পইচা খৰচ সাৱধানে কৰিব ।