Local, Vocal, Global

Daily Horoscope for 4th March : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : নিজৰ জীৱন সংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। আজি আপোনাৰ ভাল হব । আজিৰ দিনাখন আপুনি কিছুমান সমস্যাৰ সন্মুখীন হব পাৰে। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব।

বৃষ ৰাশি : মা-দেউতাকক অৱহেলা কৰিলে আপোনাৰ ভৱিষ্যতৰ সম্ভাৱনা শেষ হৈ যাব পাৰে। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। আজি বহুত ভাল দিন হয়।

মিথুন ৰাশি : ভাগ্যৰ ওপৰত ভৰষা কৰি বহি নাথাকিব , আপোনাৰ স্বাস্থ্য আৰু জীৱন ভাল কাৰিবলৈ হ’লে আপুনি নিজে কষ্ট কৰিব লাগিব। স্বাস্থ্য ভালে ৰাখিবৰ বাবে নিয়মিত ব্য়ায়াম কৰক । কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল’ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে । আজি আপোনাৰ ধন লাভ হব পাৰে ,যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তা ধাৰা সমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে।

কৰ্কট ৰাশি : উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব আৰু আপুনি অধিক ধাৰ্মিক ভাৱে থাকিব পাৰিব। বন্ধু আৰু আত্মীয় আপোনাৰ সহায় কৰিব আৰু আপুনি সিহতৰ লগত বহুত সুখী অনুভৱ কৰিব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হব পাৰে আৰু সমস্যাৰ সন্মূখীন হব পাৰে,দিনৰ শেষত অধিক চিন্তিত নহ’ব আৰু বিশ্ৰাম কৰক।আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে ,আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে যাৰ বাবে তেখেত হতাশ হৈ যায়।

সিংহ ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ জীৱনৰ কি লাভ যদি আমি এজনে আনজনক সহায় কৰিব নোৱাৰো আৰু জীৱনটো অলপ সহজ কৰিব নোৱাৰো। যি কাম আপুনি নিজে কৰিব নিবিচাৰে ,বেলেগক সেই কাম কৰাৰ বাবে চাপ নিদিব। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে।

কন্যা ৰাশি : আজি এটা সুখৰ দিন, আজি আপোনাৰ প্ৰত্যেকটো কাম আপোনাৰ মতে হ’ব। আপুনি ধন ঘুৰাই দিয়াৰ পিছত আৰ্থিক ভাৱে দূৰ্বল হব। আপোনাক পৰামৰ্শ দিয়া হল যে ঋন লোৱাৰ পৰা বিৰত থাকক। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। নতুন সম্পৰ্ক গঠন কৰাৰ বাবে আৰু ব্যৱসায়িক উদ্দেশ্যৰ বাবে কৰা যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হব।

তুলা ৰাশি : আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষা সমূহত ভয়ৰ ছায়া পৰিব পাৰে । ইয়াৰ সন্মূখীন হবলৈ হলে আপুনি কাৰোবাৰ উপদেশ লওক। আজি আপুনি সমস্যাৰ সন্মুখীন হব পাৰে। সন্ধিয়াৰ সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। আজি জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।

বৃশ্চিক ৰাশি : নিজকে সৃজনাত্মক কামৰ লগত জড়িত কৰক ,আপোনাৰ এই বহি থাকি কৰা কামৰ বাবে মানসিক্ভাৱে আপোনাক শান্ত কৰিব । আজি আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ উপযোগিতাৰ শক্তিক ধনাত্মক চিন্তা আৰু কথা বতৰাৰ জৰিয়তে বিকশিত কৰক যাতে আপোনাৰ পৰিয়ালৰ লাভ হওক। আজিৰ দিনাখন আপুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভুত অনুভৱ কৰিব। অফিচত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হব।

ধনু ৰাশি : কোনোবা কাজিয়াখোৰ ব্যক্তিৰ লগত হোৱা বাদ বিবাদে আপোনাৰ মন বেয়া কৰিব পাৰে। জ্ঞানী দৰে চিন্তা কৰক । বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব , আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিব লাগে যে যাৰ বাবে আপোনাৰ আৰু তেখেতৰ সাক্ষাতকাৰ হওক। যদি আপুনি হিচাপ সমান সমান কৰিব বিচাৰে তেন্তে এনেকুৱা পদ্ধতিতে কৰিব লাগিব। আজি আপুনি হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচাৰা

মকৰ ৰাশি : হতাশাৰ পৰা বাচিবৰ বাবে আপোনাৰ মূল্যৱান সময় আপোনাৰ সন্তানৰ লগত কটাওক। আপুনি সন্তানৰ উপচৰ্যা কৰাৰ বাবে এক অজান শক্তি অনুভৱ কৰিব, আপোনাৰ সন্তান পৃথিৱীৰ ভিতৰত সকলোতকৈ অধিক শক্তিশালী আৰু ভাৱনাত্মক জীৱ। সন্তানৰ লগত থাকিলে আপুনি নিজেও উৰ্জা লাভ কৰিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব।

কুম্ভ ৰাশি : আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজিৰ দিনটোত আপুনি মাদ্যদ্ৰব্যৰ পৰা আতঁৰি থকাটো ভাল নহলে নিচাৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে।

মীন ৰাশি : আপোনাৰ খং কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। এই ৰাশিৰ যিসকল লোক বিদেশত ব্যবসায় কৰে ভাল পৰিমাণৰ অৰ্থ লাভ হব পাৰে। অফিচত কিছু ধনাত্মক পৰিৱৰ্তন দেখিব পাব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব।