Local, Vocal, Global

Daily Horoscope for 4th December : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ । দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে(Daily Horoscope)।

বৃষ ৰাশি : আজি আপুনি স্বাস্থ্যৰ যত্ন লওক, নহ’লে অসুবিধা হ’ব পাৰে। আপুনি আগতে যিমান পইচা ব্যয় কৰিছে তাৰ পৰিণতিৰ মুখামুখি হব লাগিব। আজি আপোনাৰ পইচাৰ দৰকাৰ হব কিন্তু পইচা আপোনাৰ হাতত নাহিব। ঘৰৰ পৰিৱেশত অলপ সাল-সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে। আজি আপুনি এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল।

মিথুন ৰাশি : সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। আজি চাল গলে সকলো ফালেদি এক লাভদায়ক দিন ,কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে।

কৰ্কট ৰাশি : আপোনাৰ বিচাৰ বিবেচনাক ব্যক্ত কৰাত অসহজবোধ নকৰিব।আত্ম বিশ্বাসক নোহোৱা ব্যক্তিত্বক কেতিয়াও নিজৰ ওপৰত নিয়ন্ত্ৰণ পাব নিদিব,কাৰণ ইয়াৰ বাবে আপোনাৰ সমস্যাবোৰ অধিক জটিল হে হ’ব,লগতে আপোনাৰ উন্নতিতো বাধাৰ সৃষ্টি হ’ব। ভুল সংবাদ অথবা ভুল বুজাবুজিয়ে আপোনাৰ দিন বেয়া কৰিব পাৰে। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হব। আজি আপুনি বিনা কাৰণত কিছুলোকৰ লগত তৰ্কা তৰ্কি লাগিব পাৰে। এইটোৱে আপোনাৰ মনতো বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োঅজন অনুভৱ কৰিব পাৰে।

সিংহ ৰাশি : আপুনি যিমান পাৰে সোনকালে নিজৰ অনুভূতি সমূহক নিয়ন্ত্ৰণ কৰক । আজি আপুনি স্বাস্থ্যৰ যতন লওক । জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব।

কন্যা ৰাশি : আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ এক মৰমলগা হাহিঁয়ে আপোনাৰ প্ৰিয়জনৰ দিনটো উজ্জ্বল কৰি তুলিব পাৰে। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব।। অচিনাকি লোকৰ লগত কথা পতা ভাল কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। আপোনাৰ জীৱন লগৰী সচাঁকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব।

তুলা ৰাশি : ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। কোনোবা বন্ধু নিজৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰি আপোনাৰ কাষ চাপিব পাৰে। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। অফিচত নেতৃত্ব প্ৰদান কৰক ,কাৰণ আপোনাৰ নিষ্ঠা আপোনাক আগ বঢ়াত সহায় কৰিব।

বৃশ্চিক ৰাশি : আজি আপুনি বিশ্ৰাম লোৱাটো জৰুৰী ,কাৰণ যোৱা কেইদিন আপুনি বহুত মানসিক হেঁচাৰ সন্মুখীন হৈছিল। নতুন গতিবিধি আৰু মনোৰঞ্জনৰ আপোনাৰ বাবে সহায়ক সিদ্ধ হব। আজি আপোনাৰ কোনোবা পূৰণী বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। ৰোমাাঞ্চৰ ফালেদি চাব গ’লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সঁচা প্ৰেমক বিচাৰোতে বিফল হব। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালি সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত খঙ কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক কবলৈ পাহৰি গৈছে।

ধনু ৰাশি : নিজৰ স্বাস্থ্যৰ বিষয়ে প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব। আপোনাৰ ভাল চিন্তা ধাৰাই আপোনাৰ বেয়া চিন্তা ধাৰাক পৰাজিত কৰিব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হব পাৰে। এই যাত্ৰা আপোনাক মানসিক অশান্তি দিব পাৰে।

মকৰ ৰাশি : জটিল পৰিস্থিতিৰ সন্মুখীন হব লগা হব পাৰে , সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত কষ্ট কৰিব লাগিব ।আজি আপুনি মানসিক ভাৱে অশান্তি পাব পাৰে। এই অসফলতা সমূহক সফলতাৰ আধাৰ বনাওক । জটিল সময়ত আত্মীয় কামত আহিব। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়।

কুম্ভ ৰাশি : খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। কাম-কাজত প্ৰয়োজনতকৈ অধিক অশান্তি চলি থকাৰ বাবে পৰিয়ালৰ প্ৰয়োজন আৰু ইচ্ছাসমূহক অৱহেলা নকৰিব। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনাখন প্ৰেমৰ লগত সান মিহলি হৈ যাব। আপুনি নিজৰ শক্তি সম্পূৰ্ণ ৰূপে অনুভৱ কৰিব পাৰে ,এই শক্তিৰ প্ৰয়োগ কামত কৰক।

মীন ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। সৰু ল’ৰা -ছোৱালী আপোনাক ব্যস্ত কৰি ৰাখিব আৰু মনটো সন্তুষ্টি লাভ কৰিব। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। আজি অৱসৰ সময় এনেই বিনা কথাৰ তৰ্কত অপচয় হ’ব যাৰ বাবে দিনৰ শেষত আপুনি হতাশ হৈ যাব। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱন সংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব।