Local, Vocal, Global

Daily Horoscope for 3rd August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: নতুন কাম আৰম্ভ কৰিবলৈ পুৱাৰ ভাগ শ্ৰেষ্ঠ সময় ।চৰকাৰী সাহায্য লাভৰ সম্ভাৱনা । আপোনাৰ চিন্তা-ভাৱনাত তাত্‍ক্ষণিক পৰিৱৰ্তন দেখা পাব পাৰে । পানীৰ পৰা আঁতৰত থাকক ।

বৃষ ৰাশি: এটা সাধাৰণ দিন । বন্ধুবৰ্গৰ লগত খেল-ধেমালী বা গান-বাজনা কৰি আনন্দেৰে সময় কটাওক । আনহাতে ধন লাভ কৰাৰ আশাত দিনটো পাৰ কৰিবলগীয়াও হ’ব পাৰে । চিন্তা ত্যাগ কৰক ৷ এটা ভাল দিনৰ আশা কৰিব পাৰে।

মিথুন ৰাশি: চৌপাশে ইতিবাচক অনুভৱ কৰিব । মন আনন্দময় হৈ থাকিব । কৰ্মস্থলীত, সকলো আপোনাৰ পৰিকল্পনা মতে আগবঢ়াৰ সম্ভাৱনা আছে, আৰ্থিক লাভ হ’ব পাৰে । সকলো ভালদৰে অন্ত পৰিব ।

কৰ্কট ৰাশি: চিন্তা কৰি ব্যয় কৰক । চকুৰ সমস্যাত ভূগিব পাৰে, অধিক ক্ষতি নহবৰ বাবে চিকিৎসকৰ ওচৰলৈ যাওক । দিনটোৰ পিছৰ ভাগত শান্তি আৰু ধৈৰ্যৰে পৰিস্থিতি উন্নত হোৱাৰ আশা কৰিব পাৰে । আৰ্থিক স্থিতি উন্নত হোৱাৰ সম্ভাৱনা ।

সিংহ ৰাশি: লাভজনক খবৰ শুনি উত্‍সাহিত অনুভৱ কৰিব । আয় আৰু অন্য আৰ্থিক উত্‍স বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । পিছবেলা পৰিস্থিতি সলনি হ’ব পাৰে আৰু অপ্ৰত্যাশিত পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে । স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ।

কন্যা ৰাশি: এটা অতি সুন্দৰ । পৰিয়ালৰ লগত বান্ধোন অধিক শক্তিশালী হ’ব; বন্ধু আৰু আত্মীয়ক লগ পাব আৰু আনন্দৰ আদান-প্ৰদান হ’ব । কৰ্মত সফলতা লাভ । বিবাহৰ বাবে ইচ্ছুক তথা বিবাহযোগ্যসকলৰ বাবে শুভসময় আৰম্ভ হৈছে আৰু শীঘ্ৰেই সুঃখবৰ পাৰ । তথাপিও নিজৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ।

তুলা ৰাশি: আজিৰ দিনটোত মন ভাল লাগি নাথাকিব । সন্তান আৰু আপোনাৰ মাজৰ পাৰ্থক্য আহি পৰিব পাৰে, যি আপোনাক অসন্তুষ্ট কৰাৰ সম্ভাৱনা আছে । কৰ্মস্থলীতো, পৰিস্থিতি আপোনাৰ পক্ষে নহবও পাৰে ৷ দিনটোৰ পিছৰ ভাগত গ্ৰহসমূহ সক্ৰিয় হ’ব ।ভাল কামৰ বাবে সমাজৰ মনোযোগ পাব । শান্তিময়ভাৱে দিনটোৰ অন্ত পৰিব ।

বৃশ্চিক ৰাশি: ধৰ্মীয় কাৰ্যই আজিৰ দিনটোৰ অপ্ৰত্যাশিত দুঃভাগ্যজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব । অস্থিৰতা আৰু বিৰক্ততা অনুভৱ কৰিব পাৰে; কথা কোৱাৰ আগতে ভাবি চাওক ।

ধনু ৰাশি: মিশ্ৰিত ঘটনাৰ পৰিপূৰ্ণ এটা দিন হ’ব । পুৱা আনন্দময় আৰু প্ৰাণৱন্ত হ’ব । ইতিবাচক শক্তিয়ে অনুসৰণ কৰিব, ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ’ব । চকু মুদি ধ্যান সাধনা কৰক, অস্থিৰ মনত শান্তি লাভ কৰিব ।

মকৰ ৰাশি: মধুৰ কথাৰে বিবাদৰ অন্ত পেলাব পাৰিব । ঘৰৰ পৰিবেশ শান্ত আৰু উত্‍সাহজনক হৈ থাকিব । সন্মান আৰু খ্যাতি বৃদ্ধি পাব । আৰ্থিক লাভৰ সম্ভাৱনা আছে । নতুন বাহনৰ ক্ৰয় কৰাৰ যোগ আছে ।

কুম্ভ ৰাশি: কাৰ্যালয়ৰ কামত কৈ সৃজনমূলক কাম অলপ আগবাঢ়ি থাকিব পাৰে । মন সৃজনশীলহৈ থাকিব । সন্তানৰ ভৱিষ্যত সম্পৰ্কে বিভিন্ন চিন্তাই বেৰি ধৰিব; মানসিক অৱসাদ অনুভৱ কৰিব । শান্ত হওক আৰু আৰাম কৰাৰ চেষ্টা কৰক ।

মীন ৰাশি: এটা সাধাৰণ দিন । উদ্বিগ্নতাই আপোনাক কামত ধীৰ-স্থিৰ কৰি তুলিব পাৰে আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা হ্ৰাস কৰিব পাৰে । মাটি-বাৰী বা সম্পত্তি সম্পৰ্কে কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক । শিক্ষাৰ্থীসকলৰ বাবে এটা সহজ দিন ।