Local, Vocal, Global

Daily Horoscope for 28th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব ,যি আপোনাক মানসিক ভাৱে হতাশ কৰি তুলিব পাৰে। আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। নতুন পৰিযোজনা সমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে।

বৃষ ৰাশি : বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফুৰ্তিৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। আপুনি আপোনাৰ পৰিয়ালৰ লগত সকলো কথাতে সহমত নহ’বও পাৰে, অৱশ্যে আপোনাক তেখেত সকলৰ অভিজ্ঞতাৰ পৰা শিকিব চেষ্টা কৰিব লাগে। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে।

মিথুন ৰাশি : ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হব পাৰে, কিন্তু এই কাৰণত আপোনাৰ মানসিক শান্তি ভংগ হব নিদিব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে।

কৰ্কট ৰাশি : আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ যোজনা বনাবৰ বাবে আজি বহুত ভাল দিন। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব।

সিংহ ৰাশি : আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। নিজৰ মাজত হোৱা সংবাদ আৰু সহযোগ আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজৰ সম্পৰ্ক সু-দৃঢ় কৰিব। অলপ ভালকৈ তথা সাৱধানেৰে ,কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব যেনে মই তোমাক এৰি এই পৃথিৱীখনত আন কাৰোৱেই লগত থাকিব নোৱাৰিম।

কন্যা ৰাশি : ধৈৰ্য বনাই ৰাখক , কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা-দেউতাক মনোকষ্ট দিব পাৰে, যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰ বাবে আজি আপুনি বহুত দুখী হব।

তুলা ৰাশি : আপোনাৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হব আৰু আপুনিও আজি ফুৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। যদি আপোনাৰ বাবে এনেকুৱা ঠাইৰ পৰা সুযোগ আহে য’ত আপুনি প্ৰথমতে কেতিয়াও নাই যোৱা ,তেন্তে আপুনি সেই প্ৰস্তাৱ কৃতজ্ঞতাৰে স্বীকাৰ কৰি লোৱা উচিত। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ’ব। বৰিষ্ঠ সহকৰ্মী আৰু আত্মীয় আপোনাক সহায়ৰ হাত আগবঢ়াব ।

বৃশ্চিক ৰাশি : আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। আজি আপুনি ধৈৰ্যশীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল’ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে ,যি আপোনাক পৃথিৱীৰ আন সংগীত ক পাহৰাই দিব।

ধনু ৰাশি : কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰ ৰ সমস্যা লৈ কম থাকিব। এই ৰাশিৰ ব্যৱসায়ী সকল আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব নহলে লোকচান হব পাৰে। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে।

মকৰ ৰাশি : আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনৰ অশান্তি ভংগ কৰিব পাৰে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।।

কুম্ভ ৰাশি : দূৰণিবটীয়া যাত্ৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিক ভাৱে নিজকে সুস্থ কৰি তুলিছে ,যিয়ে আপোনাক বহুত লাভান্বিত কৰিব। ব্যস্ত দিনযোৰা স্বত্তেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। যিসকল লোক দুগ্ধ উদ্যোগ ৰ লগত জড়িত সিহতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ বন্ধু আপোনাক এনেকুৱা সময়ত পৰিত্যাগ কৰিব যেতিয়া আপোনাৰ তেখেতক সকলোতকৈ অধিক প্ৰয়োজন হব। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব।

মীন ৰাশি : আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। কোনোবা বৰিষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যা সমূহত সহায় কৰি আপুনি তেখেতৰ আশীৰ্বাদ লাভ কৰিব। আপোনাৰ সাহসিকতা আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব।