Local, Vocal, Global

Daily Horoscope for 26th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপুনি মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে । আজি আপোনাৰ গ্ৰহৰ অৱস্থান ভাল নহয় ।খঙক নিয়ন্ত্ৰণত ৰাখক,কোনো সিদ্ধান্ত নল’ব ।

বৃষ ৰাশি:আজি আপোনাৰ দিনটো শুভ ৷ আজি আপোনাৰ আত্মবিশ্বাসত অটুট থাকিব । সকলো ক্ষেত্ৰত সফলতা নিশ্চিত। পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে।আৰ্থিক লাভৰ যোগ আছে ।

মিথুন ৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে । ৰাজহুৱা খণ্ডত কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক। কিন্তু সতৰ্ক হৈ থাকিবলৈ নাপাহৰিব । সংঘাত এৰাই চলক ।

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে দুখ-দুৰ্দশাৰ কথা বৰকৈ ভাবি থাকে আৰু নিজৰ খোলাত সোমাই থাকে । এনেকুৱা কৰাটো ভাল নহয়, এয়া আপোনাৰ বহুত ক্ষতি কৰি দিয়ে আৰু আৰু আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰে । আপুনি যদি প্ৰিয়জনৰ কোনো কথাত মনত দুখ পাইছে বা আপোনাৰ বেয়া লাগিছে তেতিয়া হ’লে সেইবোৰ কথা মনৰ ভিতৰতে নাৰাখি খোলাখুলিকৈ কৈ দিয়ক, তেওঁলোকৰ সৈতে বিবাদৰ নিষ্পত্তি কৰক ।

সিংহ ৰাশি: আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । লগতে আপোনাৰ সিদ্ধান্তগ্ৰহণৰ দক্ষতা আজি চৰম পৰ্যায়ত থাকিব, ততালিকে যি কোনো দৃঢ় সিদ্ধান্ত ল’ব পাৰিব । আজিৰ আপুনি পিতৃৰ দ্বাৰা আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব । অহংকাৰৰ পৰা দূৰত থাকক । নিজৰ খং নিয়ন্ত্ৰণত ৰাখক। নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক ।

কন্যা ৰাশি: আজি আপুনি আত্মসন্তুষ্টিৰ ভাৱ মনৰ পৰা আঁতৰাওঁক আৰু অহংকাৰৰ পৰা দূৰত থাকক । আপোনাৰ মানসিক অস্থিৰতা বৃদ্ধি পাব আৰু যাৰ ক্ষতিকৰ প্ৰভাৱ পৰিব আপোনাৰ স্বাস্থ্যৰ ওপৰত । খৰখেদাকৈ কাম নকৰিব ।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী। আপুনি যিয়ে কৰিব তাতেই আপোনাৰ ভাগ্য প্ৰসন্ন থাকিব আৰু আপুনি জীৱনৰ যি কোনো ক্ষেত্ৰতেই ভাগ্যশালী হ’ব । কোনো ভ্ৰমণত যাবলৈ পৰিকল্পনা কৰিব পাৰে ।

বৃশ্চিক ৰাশি: আজিৰ আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব । কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল । আপোনাৰ উদ্যেগ আৰু চিন্তাধাৰাৰ প্ৰতি সহকৰ্মীসকলৰ সহযোগিতা পাব ।

ধনু ৰাশি: নিজৰ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি ভালকৈ চকু দিয়ক। অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে সেইবোৰক আওকাণ নকৰিব । শৰীৰৰ কষ্ট হ’ব পাৰে এনেকুৱা কোনো কাম নকৰিব । নেতিবাচক প্ৰভাৱ পেলাব পৰা মানুহৰ সৈতে কাজিয়া নকৰিব।

মকৰ ৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব । আপুনি যদি অতিৰিক্ত ব্যয় কৰিব নিবিচাৰে, তেতিয়া হ’লে সাৱধান হওঁক আৰু যি মন যায় তাকেই কিনি লোৱাৰ পৰা নিজক বিৰত ৰাখক । খোৱা লোৱা সাৱধানে কৰিব । আপুনি আজি ক্ৰোধ আৰু নেতিবাচক চিন্তাৰ বশৱৰ্তী হ’ব পাৰে। সাৱধানে থাকিব!

কুম্ভ ৰাশি: আজি দিনটোত আপুনি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব । দিনটোক উপভোগ কৰক! অন্তৰ আৰু আন্তৰিকতা সম্বন্ধীয় সকলো দিশ অসাধাৰণ হৈ উঠিব ।

মীন ৰাশি: আজি আপুনি আপোনাৰ কলাসন্মত দিশটো সকলোকে দেখুৱাই দিয়ক ৷ সেইয়া লিখক, নাচ বা অভিনয়ৰ যোগেদি হ’ব পাৰে ,আপোনাৰ প্ৰিয়জনে এই বিষয়ত আপোনাক উদগনি জনাব ৷ বন্ধুক লগ কৰি আৰু চিনেমা চাই আজি আনন্দ উপভোগ কৰিব পাৰে ৷ কামৰ হেঁচা বহুখিনি পাতল কৰিব পাৰিব ৷

লগতে পঢ়ক : Drugs Seized in assam : হাজোত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক