Daily Horoscope for 24th september : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি : আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে ,সিঁহতৰ লগত কথা -বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হব।অপ্ৰত্যাশিত দূৰ সম্পৰ্কীয় আলহীৰ আগমণে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। আজি আপুনি প্ৰেমত ইমানেই আত্ম সন্তুষ্টতা লাভ কৰিব। বিনা কাৰণৰ কথাত নিজৰ সময় বৰবাদ নকৰিব ,এইটোয়ে আপোনাৰ বাবে ভাল হ’ব(Daily Horoscope)।
বৃষ ৰাশি : অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যয় নকৰিব। মনত ৰাখিব যে বাদ-বিবাদৰ ফলত আপুনি একোলাভ কৰিব নোৱাৰে,কিন্তু লোকচান নিশ্চয় হব পাৰে। প্ৰয়োজনতকৈ অধিক খৰচ আৰু চাতুৰীৰে ভৰা আৰ্থিক যোজনাৰ পৰা দূৰত থাকক। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। সময়তকৈ অধিক একো হব নোৱাৰে । পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰক। বৈবাহিক জীৱনৰ উজ্বল দিনবোৰ মনত কৰাৰ তথা অনুভৱ কৰাৰ বাবে আজি ভাল দিন। অনুশাসন সফলতাৰ আটাইতকৈ গুৰুত্ব পূৰ্ণ স্তৰ ।
মিথুন ৰাশি : আপোনাৰ ৰুক্ষ স্বভাৱে আপোনাৰ জীৱন সংগীৰ লগত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যিকোনো এনেকুৱা কাম কৰাৰ আগত ইয়াৰ পৰিণাম আগতে ভাৱি লোৱা উচিত,যদি সম্ভৱ হয় তেন্তে আপোনাৰ মন ভাল কৰিবলৈ আপুনি ক’ৰবাত বেলেগ ঠাইত যাওক। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হব। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাবে এই সময়খিনি লেখতলব’লগীয় মূহূৰ্ত হব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। ঘৰৰ যিকোনো সদস্য আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব পাৰে।
কৰ্কট ৰাশি : আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধুমপাণ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক , এইবোৰে আপোনাৰ স্বাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিক ভাবে দূৰ্বলো কৰি তোলে। যাৰ লগত আপুনি থাকে ,তেখেতৰ লগত বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক,যদি কোনো সমস্যা আছে তেন্তে সেই বিষয় শান্তিৰে আলোচনা কৰি সমাধান কৰক। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হব। দিনযোৰা অন্য লোকৰ লগত সময় অতিবাহিত কৰাৰ পিছত বাকী সময়খিনি জীৱনসংগীক দিব পাৰিব।
সিংহ ৰাশি : ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। সোনকালে ভৱা -চিন্তা নকৰাকৈ কোনো দিশত বিনিয়োগ নকৰিব। বন্ধুৰ সমস্যা আৰু অশান্তি চলি থকা বাবে আপুনি ভাল অনুভৱ নকৰিব। হাহিঁ -ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পূৰণি কথা হঠাৎ আহি যাব পাৰে ,যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। ঘৰৰ যিকোনো সদস্য আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব পাৰে।
কন্যা ৰাশি : নিজৰ বিচাৰ সমূহক ধনাত্মক ভাৱে ৰাখক ,কাৰণ আপোনাৰ ভয় নামৰ দানৱ এটাৰ লগত সন্মুখীন কৰিব পাৰে,নহ’লে আপুনি নিষ্ক্ৰিয় হৈ ইয়াৰ চিকাৰ হৈ পৰিব পাৰে। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গলে আজি আপোনাৰ আৰ্থিক হানি হব পাৰে। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱন নিৰাশাজনক বুলি অনুভৱ কৰিব পাৰে ,সেয়ে সময় থাকোতেই কিবা নতুনত্ব আনিব চেষ্টা কৰক।
তুলা ৰাশি : আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। এই ৰাশিৰ কিছুমান লোকৰ আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈয়ে গৌৰভ অনুভৱ কৰিব। ঘৰুৱা কাম-কাজত আপুনি অধিক ব্যস্ত থাকিব। প্ৰেমৰ ফালেদি আজি দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। আপোনাৰ ব্যস্ত দিনযোৰাৰ বাবে আপোনাৰ জীৱন সংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাৱিব পাৰে আৰু তেখেত এই বিষয় সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে।
বৃশ্চিক ৰাশি : আপোনাৰ মানসিক অশান্তি বহুত পৰিমাণে কমি যাব। যিসকল লোকে ঋণ লৈ থৈছিল আগতে সিহতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। আজি আপুনি হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন ,আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। লোকৰ পৰা দুৰত থকাটো কেতিয়াবা জীৱনৰ বাবে বহুত জৰুৰী কিন্তু আপোনাৰ ভাল চিন্তা কৰা মানুহৰ পৰা দুৰত্ব নাৰাখিব।
ধনু ৰাশি : আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব।তেনেহ’লে সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈয়ে কষ্ট কৰি থাকক। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হব। আজি দিনত কিছুমান বন্ধু আপোনাৰ ঘৰত আহিব পাৰে আৰু সিহতঁৰ লগত আপুনি সময় অতিবাহিত কৰিব পাৰে। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব,কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব।
মকৰ ৰাশি : যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। আপোনাৰ জীৱন সংগীৰ স্বাস্থ্য আপোনাক চিন্তাত পেলাব পাৰে।আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে। নিঃসংগতা কেতিয়াবা বহুত জটিল হব পাৰে ,বিশেষকৈ তেতিয়া যেতিয়া আপোনাৰ তাত কৰিবলৈ একো গুৰুত্বপূৰ্ণ কাম নাথাকে । ইয়াৰ পৰা হাত সাৰিব চেষ্টা কৰক আৰু বন্ধু সকলৰ লগত সময় অতিবাহিত কৰক।
কুম্ভ ৰাশি : খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাৰ বন্ধুৰ জৰিয়তে আপুনি কিছুমান বিশেষ লোকৰ লগত পৰিচয় হব পাৰে ,যি আগলৈ গৈ আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হব পাৰে। আজি ঘৰত থাকিব কিন্তু ঘৰৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিব পাৰে।
মীন ৰাশি : আজি খেল ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক পুৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে এক পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত নহব। আজি আপুনি সৰু ল’ৰা-ছোৱালীৰ লগত সৰু হৈ যাব ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত লাগি থাকিব।