Local, Vocal, Global

Daily Horoscope for 23th June : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকী কৰাই দিব ,যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। সন্তানক সিহঁতৰ লগত জড়িত বিষয় বোৰত সহায় কৰাটো আৱশ্যকীয়। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হব পাৰে লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টি ভংগী বুজাত সমস্যাৰ সন্মূখীন হব পাৰে।

বৃষ ৰাশি : নিজৰ ব্যক্তিত্বক বিকশিত কৰিবৰ বাবে গভীৰ ভাৱে চেষ্টা কৰক। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। যদি আজি আপুনি আপোনাৰ পৰিচিত লোক সকলৰ ওপৰত নিজৰ মতামত নিক্ষেপ কৰিব বিচাৰে ,তেন্তে আপোনাৰ হিতৰ হানি হব পাৰে। পৰিস্থিতি ৰ সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে।

মিথুন ৰাশি : সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। আপুনি আজি নিজৰ জীৱন সংগীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। আজি অকল অচিনাকি ব্যক্তি নহয় আনকি নিজৰ বন্ধু-বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। আজি খালি থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পূৰণি বন্ধু সকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। বৈবাহিক জীৱনৰ ভেঁটি হল প্ৰেম আৰু ভাল খাদ্য ,আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব।

কৰ্কট ৰাশি : ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। হতাশাৰে ভৰা দিন হব ,যেতিয়া ঘনিষ্ঠ ব্যক্তি সমূহৰ লগত আপোনাৰ মতভেদ হব পাৰে। আজিৰ দিনাখন আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ জীৱন সংগীক হেঁচা প্ৰদান নকৰিব , নহলে আপোনালোকৰ মাজত দূৰত্ব বাঢ়ি যাব পাৰে।

সিংহ ৰাশি : আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সচাকৈয়ে ভাল লাগে। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। প্ৰেম,মিলা-প্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হব। প্ৰেমীক আজি আপোনাৰ কিবা এটা কথাই দুখ দিব পাৰে। তেখেত আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়।

কন্যা ৰাশি : জীৱন সংগীৰ লগত পইচাৰ বিষয়লৈ তৰ্ক বিতৰ্ক হব পাৰে । আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। সৰু ভাই-ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱন সংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে।

তুলা ৰাশি : আপুনি অতীতক এৰিব লাগিব যদিহে আজি আপুনি নিজকে চিন্তাৰ দেওনাৰ পৰা বাহিৰ কৰিব বিচাৰে। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আপোনাৰ দামী উপহাৰ আপোনাৰ প্ৰিয়জনৰ মুখত হাহিঁ অনাত অসফল হব,কাৰণ সেই উপহাৰে তেখেতক প্ৰভাৱিত কৰাত বিফল হব।

বৃশ্চিক ৰাশি : গাড়ী চলোৱা সময়ত সাৱধান থাকক,বিশেষকৈ গাড়ী ঘুৰাওতে নহলে বেলেগৰ ভুলৰ বাবে আপুনি সমস্যাত পৰিব পাৰে। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব , ধন হানি হোৱাৰ আশাংকা আছে। আপোনাৰ আকৰ্ষণী আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। এই দিনটো আপোনাৰ বৈবাহিক জীৱনৰ আটাইতকৈ মৰমেৰে পূৰ্ণ দিনৰ ভিতৰত এটা দিন হব।

ধনু ৰাশি : স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘুৰাই নিদিয়ে। পৰস্পৰে পৰস্পৰৰ সমস্যা সমূহ ব্যক্তিগত ভাৱে সমাধান কৰিব। এই সমস্যা সমূহ অন্যৰ সন্মূখত দাঙি নধৰিব ,নহ’লে আপোনাৰ বদনাম আনিব পাৰে। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব।

মকৰ ৰাশি : হিংসা আৰু ঘৃণা আপোনাৰ বাবে বিপদ মাতি অনিব পাৰে ,ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে আনকি আপোনাৰ বিবেকৰ লগত যুজ লগাই দিয়ে আৰু সম্বন্ধত চিৰদিনৰ বাবে বেয়া কৰিব পাৰে। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হব পাৰে যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হব,যেনেকুৱা আপুনি আশা কৰিছিল। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়।

কুম্ভ ৰাশি : আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব।। আপুনি কাৰোবাৰ লগত কৰোবাত ঘুৰিব -ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব ।

মীন ৰাশি : বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফুৰ্তি তামাচাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। ঘৰুৱা বিষয় সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয় টো গুৰ্ত্ব দিয়ে যেন। আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি আৱশ্যকতকৈ অধিক সংবেদনশীল হব, নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা শিকক আৰু এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপোনাক অধিক বিপদত পেলাব পাৰে। যদি আপুনি বিবাহিত আৰু আপোনাৰ সন্তানো আছে তেন্তে আজি আপোনাক সিহতেঁ আপুনি পৰ্যাপ্ত সময় নিদিয়া বাবে অভিযোগ দিব পাৰে।