Local, Vocal, Global

Road Accident in Moirabari : মেক্সিমো মিনি ট্ৰাক আৰু নম্বৰ প্লেট বিহীন অটো ৰিক্সাৰ মাজত মুখামুখী সংঘৰ্ষ

মৈৰাবাৰী,২২জুন : মেক্সিমো মিনি ট্ৰাক আৰু নম্বৰ প্লেট বিহীন অটো ৰিক্সাৰ মাজত মুখামুখী সংঘৰ্ষ । আহত জনকৈ যাত্ৰী(Road Accident in Moirabari) ।

মৈৰাবাৰীৰ হাঁহচৰা বজাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। শনিবাৰে মৈৰাবাৰী-ভূৰাগাওঁ গড়কাপ্তানি পথত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

এখন AS 02 BC4148 নম্বৰৰ মেক্সিমো মিনিট্ৰাক আৰু এখন নম্বৰ প্লেট বিহীন অটোৰিক্সাৰ মুখামুখি সংঘৰ্ষ হয় ফলত গুৰুতৰভাৱে আহত হয় ৬ জনকৈ লোক।আহত লোককেইজনক ইতিমধ্যে ১০৮ যোগে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়লৈ লৈ যোৱা হয়। পথটি ঠেক হোৱাৰ বাবে প্ৰায়ে অঞ্চলটোত এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে(Road Accident in Moirabari)।

ইতিমধ্যে দুজন লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : জনপ্ৰিয় মোবাইল ফোনৰ প্ৰতিষ্ঠান মিউজিয়ামত সুৰামত্ত ব্যক্তিৰ তাণ্ডৱ