Local, Vocal, Global

Daily Horoscope for 23th December : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: এই সপ্তাহটোত আপোনাৰ ঘৰলৈ অতিথিৰ আগমন ঘটিব ৷ তেওলোকৰ লগত বন্ধুত্ব সুলভ আলোচনাত ভাগ লৈ আপুনি আনন্দ লাভ কৰিব ৷ঘৰ আৰু কাৰ্যালয়ত সকলোৰে সহযোগিতাই আপোনাক আনন্দিত কৰিব ৷ আপোনাৰ ঘৰলৈ লক্ষ্মীদেৱী আৰু গণেশৰ আৰ্শীবাদ আপোনাৰ ওপৰত বৰ্তী থাকিব ৷ ধনাগমনৰ ক্ষেত্ৰত আপুনি কৰা কষ্টৰ ফল আপুনি নিশ্চয় লাভ কৰিব(Daily Horoscope) ৷

বৃষ ৰাশি: এই সপ্তাহটোত আপুনি কথা কওঁতে অলপ সাৱধান হ’ব লাগিব ৷ গোটেই দিনটোত আপোনাক বিভিন্ন ধৰণৰ বিপদে আগুৰি ৰাখিব শৰীৰৰ ভালদৰে যত্ন লওক ৷ আপোনাক সদায় সহায় কৰি অহা আপোনাৰ অগ্ৰজসকলৰ সহায় আপুনি এতিয়া নাপাবও পাৰে, কিন্তু তেওঁলোক সদায় আপোনাৰ লগত থাকিব ৷ হঠাৎ কিছুমান অবাঞ্চিত কাৰণত ধনহানি হ’ব পাৰে ৷

মিথুন ৰাশি: ভগৱান গণেশৰ কৃপা আপোনাৰ ওপৰত থাকিব ৷ আপুনি আপোনাৰ ভালপোৱা আৰু কষ্টৰ ফল লাভ কৰিব ৷ হাঁহিমুখে আপুনি আপোনাৰ বচ বা সহকৰ্মীসকলক আপুনি বিচৰা কামৰ কথা কওক ৷ আপুনি লগ পোৱা বিপৰীত লিংগৰ সংগীৰ লগত আপোনাৰ সম্পৰ্ক স্থায়ী হ’ব ৷ বন্ধুৰ লগত ভাল সময় পাৰ কৰক ৷

কৰ্কট ৰাশি: এই সপ্তাহ আপোনাৰ অতি সহজ ভাবে পাৰ হ’ব ৷ কামৰ বোজা সাধাৰণ হ’ব কিন্তু লাভ হৈ থাকিব ৷ কষ্টৰ ফল লাভ কৰাত আপুনি আনন্দিত আৰু মানসিকভাবে শান্তি লাভ কৰিব ৷ উচ্চপদস্থ বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ’ব ৷ পৰিয়ালৰ বাবে কৰা খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷ চিন্তিত হোৱাৰ কাৰণ নাই শৰীৰ ভালে যাব ভ্ৰমণৰ সুন্দৰ যোগ আছে ৷

সিংহ ৰাশি: গণেশ ভগৱানৰ কৃপাত আপোনাৰ বাবে উত্তম সময় ৷ কৰ্মক্ষেত্ৰত আপোনাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কৰা কষ্টৰ ফল লাভ কৰিব ৷ আগৰ পৰা নিৰ্ধাৰিত থকা কোনো আলোচনাৰ পৰা আপুনি উপকৃত হ’ব ৷ ধৰ্মৰ নামত দান-দক্ষিণা কৰাৰ উপযুক্ত সময় ৷ তীৰ্থ ভ্ৰমণত যোৱাৰ যোগ আছে ৷ কিন্তু কাৰণ নথকাকে আপোনাৰ মনত অস্থিৰতা বৃদ্ধি হ’ব পাৰে, যিয়ে আপোনাৰ খং বৃদ্ধি কৰিব পাৰে, যাৰ ফলত শাৰীৰিক সমস্যাই দেখা দিব পাৰে ৷

কন্যা ৰাশি: কোনো নতুন কাৰ্য আৰম্ভ কৰাৰ উপযুক্ত সময় ৷ আপুনি আপোনাৰ কামত মনোযোগ দিয়ক, কিন্তু তাৰ লগে লগে আপুনি আপোনাৰ শৰীৰৰ যত্ন লওক ৷ পানী থকা ঠাইৰ পৰা আঁতৰি থাকক ৷ যিমান পাৰে সিমান খঙৰ কৰা পৰা আঁতৰি থাকক আৰু আপোনাৰ ব্যক্তিগত জীৱনক কঠিন কৰি নুতুলিব, অন্যথা আপুনি অতি দুখ পাব ৷ সদ্যহতে নতুনকৈ আৰম্ভ কৰিব লগা কামৰ পৰা আঁতৰি থাকক ৷

তুলা ৰাশি: এই সপ্তাহত গণেশে আপোনাৰ ওপৰত সম্পূৰ্ণ সুখ আৰু সমৃদ্ধিৰ বৰ্ষা কৰিব ৷ আপোনাৰ পুৰণি বন্ধু বা আপুনি ভাল পোৱা ব্যক্তিসকলৰ সান্নিধ্যই আপোনাক উৎসাহিত কৰিব ৷ যদিহে আপুনি এইকেইদিনতে ক’ৰবালৈ ভ্ৰমণৰ কথা ভাবিছে তেন্তে ঘটনা সংঘটিত হ’ব পাৰে ৷ যদিহে আপুনি সন্ধিয়া ভ্ৰমণৰ কথা চিন্তা কৰিছে তেন্তে আপোনাৰ যাত্ৰা সম্পূৰ্ণ ৰোমাঞ্চেৰে ভৰা হ’ব ৷ প্ৰেমৰ বাবে সঠিক সময় ৷ আপুনি সু-সাস্থ্য আৰু শান্তিত থাকিব ৷

বৃশ্চিক ৰাশি: আপোনাৰ ভাগ্যৰ তৰা উদয় হ’ব ৷ আপোনাৰ কৰ্মক্ষেত্ৰ বা ঘৰৰ পৰিৱেশ আপোনাৰ অনুকুল হ’ব ৷ পৰিস্থিতিৰ সপক্ষে আপোনাৰ স্বাস্থ্য উন্নতি হ’ব আৰু আপুনি ভুগি থকা পুৰণি বেমাৰৰ পৰা এইকেইদিনতে আৰোগ্য লাভ কৰিব ৷ মানসিক শান্তি বৃদ্ধি হ’ব আৰু যিয়ে আপোনাক দৰকাৰী কথাত মন দিবলৈ শক্তি দিব ৷ ধনৰ আগমন ঘটিব ৷ সকলো শুভ হ’ব, মাত্ৰ মহিলা বন্ধুসকলৰ সীমা অতিক্ৰম নকৰাই মংগল ৷ পৰিয়ালৰ ফালৰ পৰা খবৰ প্ৰায় ভাল ৷

ধনু ৰাশি: যদিও কালিৰ দৰে বিশেষ সুফল দেখুওৱা নাই তথাপিও ভাগ্যৰ তৰা উদয় হোৱা দেখা যায় ৷ গতিকে তেতিয়ালৈকে দূৰ ভ্ৰমণ বাতিল কৰক ৷ শৰীৰৰ ওপৰত চকু ৰখা প্ৰয়োজন ৷ কৰ্মক্ষেত্ৰত আপুনি ভবাৰ দৰে সুগম নহয় ৷ ফল লাভত পলম হ’ব ৷ খঙৰ ওপৰত সংযম ৰাখক ৷ যিয়ে নহওক দিন যোৱাৰ লগে লগে ভাল সময় আহিব ৷ আপোনাক আপোনাৰ সংগীয়ে আৱৰি ৰাখিব আৰু আপুনি তেওঁৰ লগত সুন্দৰ সন্ধিয়া উপভোগ কৰিবলৈ সুযোগ পাব ৷

মকৰ ৰাশি: আপোনাৰ সমস্ত শক্তি যেন একেদিনাই লোপ পাব ৷ আপুনি শাৰীৰিক ভাবে দুৰ্বল অনুভৱ কৰিব আৰু কোনোবা খিনিত আপোনাৰ হৃদয়ত হৈ যোৱা ঘটনাই চিন্তাত পেলাব ৷ যিয়ে আপোনাক উদ্দেগ আৰু কৰ্মবিমুখ কৰি তুলিব ৷ চিন্তাৰ বাবে আপুনি নিদ্ৰাহীনতাত ভুগিব পাৰে বা আপোনাৰ হাঁহি লোপ পাব ৷ অলপ বুকৰ বিষ বা পেট জ্বলা পোৰা সমস্যাত ভুগিব পাৰে ৷

কুম্ভ ৰাশি: আকাশে বতাহে বতাহ আপোনাৰ বিপৰীতে বৈ আছে ৷ আপুনি স্বাভাবিকতে এনে অৱস্থাত অলপ মানসিক অশান্তিত ভুগি আছে ৷ পৰিয়াল, ভাতৃ বা বন্ধুৰ সান্নিধ্যই আপোনাক পুনৰ ঊজ্জীৱিত কৰি তুলিব, গতিকে এটা সৰু উৎসৱ বা পাৰ্টিৰ আয়োজন কৰিব পাৰে ৷ আপোনাৰ শত্ৰুসকলে আপোনাক উদযাপন কৰাৰ আৰু সুযোগ দিব পাৰে ৷ আপোনাৰ সংগীৰ লগত কটোৱা এই সময় আপোনাৰ বাবে সদায় মনত থকা সময় হৈ পৰিব ৷


মীন ৰাশি: খৰচৰ ক্ষেত্ৰত সাৱধান হওক ৷ কাৰো পৰা ধাৰ লোৱা বা ধাৰ দিয়াৰ পৰা এই সময়ত বিৰত থাকক৷ কথা কোৱা আৰু খঙৰ ওপৰত মনক কাবু ৰাখক ৷ আপোনাৰ মানবীয়তাক আপোনাৰ ভুলৰ যহতে আনে নুবুজিব পাৰে ৷ আপোনাক কৰা অপমানে আপোনাৰ কায্য প্ৰণালীৰ ওপৰত বেয়া প্ৰভাব পেলাব পাৰে৷ পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰতো উগ্ৰতা পৰিহাৰ কৰক আৰু শান্ত হৈ থাকক ৷ বিশেষকৈ আপোনাৰ খাদ্যাভাস সলনি কৰাৰ প্ৰয়োজন ৷