Local, Vocal, Global

Daily Horoscope for 22th August : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। অৰ্থ লাভৰ সম্ভাৱনা আছে । নিজৰ উচ্চকাংক্ষা সমূহ মা-দেউতাক কোৱাৰ এয়াই সঠিক সময়,তেখেত আপোনাক সহযোগ কৰিব,আপুনি নিজৰ সমস্ত ধ্যান একত কেন্দ্ৰীভূত কৰি কঠোৰ ভাৱে কাম কৰক। জীৱনৰ লক্ষ্য উন্নতি কৰিবৰ বাবে নতুন ক্ষমতা বিকশিত কৰা আৰু নতুন শৈলী শিকা গুৰুত্বপূৰ্ণ হব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহব(Daily Horoscope) ।

বৃষ ৰাশি : আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। অপ্ৰত্যাশিতভাৱে আগমণ হোৱা অতিথিৰ বাবে আপুনি যিবোৰ বস্তু অহা মাহত কিনিব লাগিব বুলি ভাবিছিল সেই বস্তুতো আপোনাৰ অযথা খৰচ হ’ব পাৰে। যিসকল লোক নিজৰ প্ৰেমিকৰ পৰা দূৰত থাকে আজি প্ৰেমিকৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। সন্ধিয়া বহুত দেৰি পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখিবলৈ পাব।

মিথুন ৰাশি : প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব।আজি আপোনাৰ ধন লাভ হ’ব। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পূৰ্ণ কৰিব পাৰিব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি আপোনাৰ উদ্দেশ্যক সফল কৰাত সফল হব। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। জীৱন সংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হব পাৰে।

কৰ্কট ৰাশি : আজি সন্তানে আপোনাৰ মতে নচলিব যাৰ বাবে আপুনি খঙাল হৈ যাব পাৰে। আপোনাক খং নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত,কাৰণ খং সকলোৰে বাবে হানিকাৰক আৰু ই বুজিবৰ ক্ষমতাক শেষ কৰি দিয়ে, অকল সমস্যা বাঢ়ি যায়। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হব যাৰ ফলত আৰ্থিক সমস্যতো নিশ্চয় হব। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰা বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। আজি আপোনাৰ প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহব পাৰে ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হব পাৰে। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনিসকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হব। জীৱন লগৰীৰ ওপৰত কৰা সন্দেহে আপোনালোকৰ মাজত এক নতুন বিবাদৰ সৃষ্টি কৰিব পাৰে।

সিংহ ৰাশি : নিজৰ বিচাৰ সমূহক ধনাত্মক ভাৱে ৰাখক। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। যদি আপুনি অফিচত অধিক সময় দিয়ে তেন্তে আপোনাৰ ঘৰুৱা জীৱনত ঋনাত্মক প্ৰভাৱ পৰিব পাৰে। আপোনাৰ দামী উপহাৰ আপোনাৰ প্ৰিয়জনৰ মুখত হাহিঁ অনাত অসফল হব,কাৰণ সেই উপহাৰে তেখেতক প্ৰভাৱিত কৰাত বিফল হব। যিকোনো খৰচী কামত হাত দিয়াৰ আগতে ভালকৈ চিন্তা-চৰ্চা কৰি লওক।

কন্যা ৰাশি : আজি আপুনি আপোনাৰ জেদী স্বভাৱক বৰ্জন কৰক। আপুনি আজি নিজৰ জীৱন সংগীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱন সংগী বাহিৰত যাব পাৰে। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ জীৱনসংগী আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ কথা স্পষ্টভাৱে তেখেতেৰ আগত খুলি কওক।গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোতে তেখেতৰ কথা মনোযোগ দি শুনক।

তুলা ৰাশি : আজি আপুনি কামৰ বোজাৰ বাবে অশান্তি অনুভৱ কৰিব। আজি এই ৰাশিৰ চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে আৰু সিহঁতৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আজি গছ ৰোপন কৰক। অংশীদাৰৰ ব্যৱসায়ত কৰি থোৱা কাম আজি লাভদায়ক ৰূপে পৰিগণিত হব ,কিন্তু আপুনি অংশীদাৰ সকলৰ বিৰোধৰ সন্মুখীন হব লগাত পৰিব পাৰে। আজি আপুনি বিনা কাৰণত কিছুলোকৰ লগত তৰ্কা তৰ্কি লাগিব পাৰে। এইটোৱে আপোনাৰ মনতো বেয়া কৰিবই লগতে আপোনাৰ মূল্যৱান সময়ো বৰবাদ হৈ যাব।

বৃশ্চিক ৰাশি : শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। সাধাৰণভাৱে পৰিচিত মানুহৰ লগত প্ৰত্যেক কথা ভাগ-বতৰা কৰাৰ পৰা বিৰত থাকক। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো প্ৰয়োজন নাই , আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে আজি আপুনি এক নতুন কামৰ আৰম্ভ কৰি যি আপোনাৰ লগতে গোটেই পৰিয়ালৰে সমৃদ্ধি লৈ আহিব। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন , একেলগে এক ধুনীয় সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা এক হাতত লওক।

ধনু ৰাশি : আপোনাৰ সহজভাৱে ল ‘ব পৰা যিকোনো সমাধান সমূহে আপোনাৰ সমস্যাসমূহ সমাধান কৰিব। আজি আপুনি ঘৰৰ পৰা ধনাত্মকভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱা বাবে আপোনাৰ মন বেয়া হৈ যাব। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হব। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হব পাৰে।

মকৰ ৰাশি : ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বত শুধৰণি অনাৰ চেষ্টা কৰক। মা-দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক,অৱশ্যে একো চমৎকাৰী কিবা ঘটিব বুলি ভাৱি নাথাকিব । আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাৰ সন্তানৰ আত্ম-বিশ্বাস বঢ়াই তুলিব। আজি এই ধুনীয়া দিনটোত প্ৰেম-সম্বন্ধত থকা আপোনাৰ সকলো অভিমান নোহোৱা হব।কোনোবাই আপোনাৰ বেয়া দিশেদি লাভ উঠাব পাৰে আৰু তাৰ বাবে আপুনি নিজকে খং কৰিব পাৰে। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়।

কুম্ভ ৰাশি : প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টীত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিকপক্ষ শক্তিশালী থাকিব। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গাঁ কৰি উঠিব পাৰে। পাৰিবাৰিক দায়িত্বক অৱহেলা কৰা বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব।

মীন ৰাশি : আজি আপুনি আপোনাৰ পৰিচিত লোক সকলৰ ওপৰত নিজৰ মতামত নিক্ষেপ কৰিব বিচাৰে ,তেন্তে আপোনাৰ হিতৰ হানি হব পাৰে। পৰিস্থিতিৰ সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্তেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। যদি আপুনি নিজৰ কামৰ প্ৰতি একাগ্ৰতাৰে আগবাঢ়ে তেন্তে আপুনি নিজৰ উৎপাদন শক্তি দুগুণ কৰিব পাৰে। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। এইদিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হব।