Local, Vocal, Global

Daily Horoscope for 21th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আৰ্থিক লাভৰ যোগ । আজি আপুনি সামাজিক স্বীকৃতি লাভ কৰিব পাৰে । আপোনাৰ ব্যক্তিগত জীৱন সুখেৰে ভৰি পৰিব ।আজি আপোনাৰ মনত অজস্ৰ চিন্তাৰে পৰিপূৰ্ণ হৈ থাকিব ।

বৃষ ৰাশি: আজি আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব । আপোনাৰ সকলো কাম পৰিকল্পনা অনুসৰি সম্পন্ন হ’ব । আৰ্থিক লাভৰ যোগ আছে । অসমাপ্ত কাম সমাপ্ত কৰিব । আজি গোটেই দিনটো আপুনি আনন্দত থাকিব ।

মিথুন ৰাশি: আজি আপুনি তৰ্ক-বিতৰ্কৰপৰা দূৰত থকাই ভাল ।পেটৰ সমস্যাই দেখা দিব পাৰে । যিমান দূৰ পাৰে ভ্ৰমণ এৰাই চলক ।

কৰ্কট ৰাশি: আজি আপুনি আনন্দ-উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব ।ব্যয় বৃদ্ধি হ’ব পাৰে আৰু আপুনি ব্যৰ্থতাৰ মুখামুখি হ’ব পাৰে । আজি আপোনাৰ টোপনিও ভাল নহ’ব হয়তো ।পৰিয়ালৰ লোকৰ সৈতে বিবাদৰ সম্ভাৱনা আছে।

সিংহ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব। ভাইভনীসকলৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব । ভাইভনীৰপৰা বহুত সাহায্য পাব । ওচৰৰ কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে ।

কন্যা ৰাশি: সাংসাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব । বৌদ্ধিক আলোচনাৰপৰা দূৰত থাকক । ভ্ৰমণৰ যোগ আছে। ব্যয় নিয়ন্ত্ৰণ কৰক ।

তুলা ৰাশি: আজি আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে বাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব । আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে। আনন্দ আৰু মনোৰঞ্জনৰ নামত আপুনি আজি বহুত টকা খৰছ কৰিবলগীয়া হ’ব পাৰে ।

বৃশ্চিক ৰাশি: আপুনি নিজৰ আগ্ৰাসী মনোভাৱ আৰু কথাবতৰাক নিয়ন্ত্ৰণ কৰি ৰাখক । উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ কাৰণে আজি আপুনি বিভ্ৰান্ত হৈ থাকিব । আজি আপুনি প্ৰিয়জন আৰু পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক । আজি আপুনি আৰ্থিক, সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত লাভবান হ’ব পাৰে । আপুনি নিজৰ প্ৰিয়জনসকলৰ সৈতে সুখকৰ ভ্ৰমণত যাব পাৰে । ব্যৱসায়ৰ কাৰণে দিনটো ভাল । সংসাৰত শান্তি বিৰাজ কৰিব ।

মকৰ ৰাশি: আপোনাৰ পৰিয়াল আজি আপোনাৰ আনন্দৰ কাৰণ হ’ব পাৰে । ব্যৱসায়ৰ কাৰণে ধনৰ যোগাৰ কৰাৰ সময়ত সমস্যাত পৰিব পাৰে । কিন্তু সমস্যাত পৰিলে আপোনাৰ লাভহে হ’ব। কৰ্মক্ষেত্ৰত আপুনি অধিক ধন আৰু অধিক সন্মান অৰ্জন কৰিব ।

কুম্ভ ৰাশি: আজি আপুনি শাৰীৰিকভাৱে সুস্থ নাথাকিব পাৰে । এলেহুৱা ভাৱে আপোনাক আমনি দিব ।মনোৰঞ্জনৰ কামত খৰছ হ’ব পাৰে । সন্তানক লৈ উদ্বেগ হ’ব পাৰে ।

মীন ৰাশি: অনৈতিক কাৰ্যকলাপত যুক্ত হৈ আপুনি বিপদত পৰিব পাৰে । খং নিয়ন্ত্ৰণ কৰি ৰাখক । আপোনাৰ স্বাস্থ্যক লৈ সাৱধানে থাকক । অবৈধ কাৰ্যকলাপত লিপ্ত নহ’ব ।