Local, Vocal, Global

Daily Horoscope for 20th July : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপুনি ক্লান্তি, এলাহ আৰু উদ্বেগ অনুভৱ কৰিব ৷ প্ৰতিটো বিষয়তে খং উঠিব ৷আপুনি হয়তো কোনো ধৰ্মীয় বা শুভ কামত অংশগ্ৰহণ কৰিব লাগিব ৷

বৃষ ৰাশি: আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ কোনো নতুন কাম আৰম্ভ নকৰিব ৷ আজি নিয়োজিত লোকৰ বাবেও এটা স্বাভাৱিক দিন হ’ব ৷ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক ৷ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকিব ৷

মিথুন ৰাশি: বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সুখৰ পৰিৱেশত দিনটো কটাব পাৰিব ৷ সামাজিক সন্মান আৰু খ্যাতিও লাভ কৰিবলৈ সক্ষম হ’ব ৷ বিবাহিত জীৱনত সুখ থাকিব ৷ কৰ্মৰত লোকৰ বাবে আজিৰ দিনটো সাধাৰণতকৈ ভাল ৷

কৰ্কট ৰাশি: আজিৰ দিনটো সুখ আৰু সফলতাৰ দিন ৷ পৰিয়ালত সুখ আৰু শান্তি থাকিব ৷ কৰ্মৰত লোকে কাৰ্যালয়ত অনুকূল পৰিবেশ বিচাৰি পাব ৷ স্বাস্থ্য ভাল হৈ থাকিব ৷ আৰ্থিক সুবিধাও থাকিব ৷ প্ৰয়োজনীয় খৰছ থাকিব ৷

সিংহ ৰাশি: আজি আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হ’ব ৷ আজি আপোনাৰ সৃষ্টিশীলতাৰে যিকোনো কঠিন কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব ৷ লআপুনি ধৰ্মীয় দান-বৰঙণিৰ কাম কৰিব ৷ পৰিয়ালৰ লগত সময় ভালদৰে কটাব ৷ ব্যৱসায়ৰ বাবে দিনটো স্বাভাৱিক ৷

কন্যা ৰাশি: আজি শাৰীৰিক সতেজতাৰ অভাৱ হ’ব আৰু মানসিক উদ্বেগও থাকিব ৷ পত্নীৰ লগত বিবাদ হ’ব পাৰে ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা বাঢ়িব ৷ স্থায়ী সম্পত্তিৰ কাম কৰাৰ সময়ত সাৱধান হওক ৷ আজি কৰ্মস্থলীতো কাৰো লগত তৰ্ক-বিতৰ্কৰ পৰা বিৰত থাকক ৷

তুলা ৰাশি: নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো অনুকূল ৷ সৌভাগ্য বৃদ্ধি আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ ধৰ্মীয় তীৰ্থযাত্ৰালৈ যাব পাৰে ৷ বহিঃৰাজ্যৰ পৰা লাভ কৰিব ভাল খবৰ ৷ ভাই-ভনীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷

বৃশ্চিক ৰাশি: নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ বেছিভাগ সময়তে মৌন হৈ থাকিলে পৰিয়ালৰ সদস্যৰ লগত সংঘাতৰ পৰা হাত সাৰিব পাৰিব ৷ স্বাস্থ্য সম্পৰ্কীয় অভিযোগ থাকিব ৷ কিছুমান নতুন অপ্ৰীতিকৰ কামো পাব পাৰে ৷ আজি কোনো কামত খৰখেদা নকৰিব ৷

ধনু ৰাশি: নিৰ্ধাৰিত কাম আজি সম্পূৰ্ণ হ’ব ৷ ভাগ্যই আপোনাৰ অনুকূল হ’ব ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই আপোনাক সুখী কৰি ৰাখিব ৷ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰা হ’ব পাৰে ৷ প্ৰেম জীৱনত আপুনি সফলতা লাভ কৰিব৷

মকৰ ৰাশি: আজি আপুনি অসুস্থ হৈ পৰিব পাৰে ৷ কাৰ্যালয়ৰ কাম সম্পূৰ্ণ নহ’ব ৷ ধন ব্যয় কৰা হ’ব ধৰ্মীয় আৰু সামাজিক কাম-কাজত ৷ আজি আধ্যাত্মিকতাৰ প্ৰতি অধিক প্ৰৱণতা বৃদ্ধি পাব ৷ আদালতৰ কামত ব্যৰ্থতা আহিব ৷ নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ ব্যৱসায়ৰ বাবে দিনটো স্বাভাৱিক ৷

কুম্ভ ৰাশি: আজি এটা উপকাৰী দিন ৷ নিয়োজিত লোকসকলে লাভৱান হ’ব পাৰে ৷ বন্ধু-বান্ধৱীৰ লগত লগ পোৱাৰ বাবে মনত আনন্দৰ সৃষ্টি হ’ব ৷ তেওঁলোকৰ সৈতে ভ্ৰমণৰো আয়োজন কৰিব পাৰি ৷

মীন ৰাশি: আজি আপোনাৰ বাবে এক শুভ আৰু ফলদায়ক দিন ৷ চাকৰি আৰু ব্যৱসায়ত সফলতা লাভ কৰিব ৷ আপোনাৰ ওপৰত বিষয়াসকল সুখী হ’ব ৷ ইয়াৰ ফলত আপোনাৰ সুখো বৃদ্ধি পাব ৷ আপুনিও হয়তো কিছু নতুন কাম দিয়া হ’ব ৷