Local, Vocal, Global

Daily Horoscope for 17th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ পূৰ্বে কৰা পৰিকল্পনা অনুসৰি ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ফুৰিবলৈ যাব পাৰে ৷ খং নিয়ন্ত্ৰণ কৰক ৷ কথা কওঁতে সাৱধান হওক ৷

বৃষ ৰাশি : দিনটো ভাল ৷ মিঠা কথাৰে সকলোৰে মন মুহিব পাৰিব ৷ মানসিকভাৱে উদাস অনুভৱ কৰিব পাৰে ৷ নতুনকৈ একো কাম আৰম্ভ নকৰিব ৷

মিথুন ৰাশি : দিনটো বহুত আশাপূৰ্ণ ৷ আপোনাৰ হাঁহিয়ে সকলোকে মোহিত কৰিব ৷ স্বাস্থ্য, মানসিক শান্তি আৰু সুন্দৰ পৰাকল্পনাৰে আগবাঢ়ি যাব ৷ ঘৰত সুন্দৰ খাদ্যৰে দিনটো আৰম্ভ কৰক ৷ প্ৰিয়জনক লগ কৰি ভাল খাদ্য গ্ৰহণ কৰক ৷ ভাল পোছাক পৰিধান কৰক ৷ কোনো বেয়া চিন্তা মনলৈ নানিব ৷ খৰচ বাঢ়িব কিন্তু সেইদৰে উপাৰ্জনো বাঢ়িব ৷ প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব ৷

কৰ্কট ৰাশি : দিনটো ভাল নহয় ৷ উদ্দিগ্নতাৰ মাজেৰে দিনটো পাৰ হ’ব ৷ সিদ্ধান্ত লোৱাত অসুবিধা হ’ব ৷ ইয়াৰ প্ৰভাৱ শৰীৰ আৰু মনত পৰিব ৷ প্ৰিয়জনক লগ কৰক ৷ সহকৰ্মী বা অচিনাকি মানুহৰ লগত তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ চিন্তা বাদ দিয়ক ৷

সিংহ ৰাশি : গ্ৰহৰ দশা ভাল নহয় ৷ দুবিধাত পৰি একো সিদ্ধান্ত গ্ৰহণ নকৰিব ৷ নতুনকৈ একো কাম আৰম্ভ নকৰাই ভাল ৷ বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷

কন্যা ৰাশি : গণেশৰ কৃপাত এটা সৌভাগ্যশালী আৰু পবিত্ৰ দিন ৷ চাকৰিত বাধা দূৰ হ’ব ৷ পদোন্নতি আৰু সফলতা লাভ কৰিব ৷ কামৰ দক্ষতাৰ স্বীকৃতি পাব ৷ পিতৃৰ ফালৰ পৰা লাভ হ’ব ৷ শৰীৰ ভাল ৷ বৈবাহিক জীৱন সুখৰ ৷ চৰকাৰী কাম সমাপ্ত হ’ব ৷

তুলা ৰাশি :আজি গঠনমূলক কামে গতি লাভ কৰিব ৷ কিছু লোকৰ পৰা সাৱধান হওক ৷ বাদ-বিবাদৰ পৰা আঁতৰত থাকক ৷ স্বাস্থ্যৰ যত্ন লওক ৷ বন্ধুৰ লগত তীৰ্থ ভ্ৰমণত যাব পাৰে ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ কোনো অনৈতিক কামত টকা নলগাব ৷ খং নিয়ন্ত্ৰণ কৰক ৷ নতুনকৈ একো আৰম্ভ নকৰিব ৷

ধনু ৰাশি : এটা সুন্দৰ দিন ৷ লোভনীয় খাদ্যসম্ভাৰে আপোনাক আনন্দিত কৰিব ৷ কোনো বেলেগ সংস্কৃতিৰ মানুহক লগ পাব আৰু তেওঁলোকৰ পৰা লাভাম্বিত হ’ব ৷ প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ হ’ব ৷বিবাহৰ বাবে উপযুক্ত সময় ৷

মকৰ ৰাশি : বহুদিনৰ বিৰতিৰ পাছত আজি দিনটো সুন্দৰ ৷ ঘৰত সকলো ভালেই থাকিব ৷ ধনৰ লেন-দেন কৰিব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব। সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ৷ ৰপ্তানিৰ ব্যৱসায়ত উন্নত হ’ব ৷

কুম্ভ ৰাশি : নতুনকৈ একো আৰম্ভ নকৰিব ৷ মনটো আজি স্থিৰে নাথাকিব ৷ মহিলাসকল বিশেষকে কথা কওঁতে সাৱধান হ’ব ৷ ভ্ৰমণ বাতিল কৰক ৷ হঠাৎ খৰচ বাঢ়িব ৷

মীন ৰাশি : দিনটো বৰ ভাল নহয় ৷ শৰীৰৰ যত্ন লওঁক ৷ মনৰ পৰিৱৰ্তন হ’ব ব্যায়াম কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ লগত তৰ্ক হ’ব পাৰে ৷ সামাজিক আৰু ধনৰ দিশত লোকচান ভৰিব লগা হ’ব পাৰে ৷ আইনী কাম আৰু ধনৰ দিশত চকু ৰাখক ৷