Daily Horoscope for 17th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ । গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ’ব । ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব । আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ’লে জীৱনটোক উদযাপন কৰি সময় বোৰ অতিবাহিত কৰক। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন ,আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব।
বৃষ ৰাশি : ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হব। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। ব্যৱসায়ীৰ বাবে ভাল দিন ,ব্যৱসায়ৰ বাবে হঠাত কৰা যাত্ৰা ধনাত্ম পৰিণাম দিব।
মিথুন ৰাশি : বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। ঘৰখনক সজাবৰ বাবে নিজৰ অৱসৰ সময়ৰ ব্যৱহাৰ কৰক ,ইয়াৰ বাবে পৰিয়ালৰ পৰা প্ৰশংসা লাভ কৰিব। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হব পাৰিব। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ’ব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে।
কৰ্কট ৰাশি : উচ্চ কেলৰি যুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্য সন্মত হৈ থাকিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে তেখেতক আজি আপুনি দেখিব যাব পাৰে। আপুনি ৰোমাণ্টিক ভাৱনা আৰু সপোনতে উটি ভাহি থাকিব।
সিংহ ৰাশি : আপোনাৰ ইচ্ছা শক্তি উৎসাহিত হ’ব কাৰণ আপুনি বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ’বলৈ সক্ষম হ’ব। ভাবুক নিৰ্ণয় লোৱাৰ সময়ত নিজৰ যুক্তিসংগতা এৰি নিদিব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে-যি আপোনাক আৰ্থিক লাভ দিব পাৰে। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হব পাৰে। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণ ৰূপে সেই কাম কৰাত সক্ষম নহব।
কন্যা ৰাশি : আপোনাক নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হোৱাৰ দৰকাৰ আছে , বিশেষকৈ ৰক্তচাপৰ ৰোগী সকল যত্ন লোৱা উচিত। আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তি পাব পাৰে কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক নহলে আপোনাৰ বদনাম হব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত পাতিব পাৰে। অৱসৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা আপুনি শিকিবি লাগিব নহ’লে জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ’ব পাৰে।
তুলা ৰাশি : আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে যিহতে আপোনাক আগৰ ধাৰে লোৱা পইচাই ঘুৰাই দিয়া নাই। আজি আপুনি ধৈৰ্য শীল ভাৱে চলিব নোৱাৰিব,সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। আজি আপোনাৰ হাহিঁত কোনো আৱেগ অথবা অৰ্থ নাথাকিব। নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব।
বৃশ্চিক ৰাশি : প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। যিকোনো বস্তু কিনাৰ আগতে সেই বস্তুক ব্যৱহাৰ কৰি চাওক ,যি আপোনাৰ লগত আগৰে পৰা আছে। আপোনাৰ পৰিয়ালৰ লগত ৰুক্ষ ব্যৱহাৰ নকৰিব । কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক। দিন ভাল যাব , বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব।
ধনু ৰাশি : আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। এই ৰাশিৰ বিবাহিত ব্যক্তি সকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। নিজৰ প্ৰিয়জনৰ পূৰণি কথা বোৰৰ বাবে ক্ষমা কৰি দিয়ক ,যি আপোনাৰ জীৱন ভাল কৰাত অৰিহনা যোগাব।
মকৰ ৰাশি : নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক, ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ’ব যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকৰাত্মক মনোভাৱ কমি যাব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। বন্ধুৰ সমস্যা আৰু অশান্তি চলি থকা বাবে আপুনি ভাল অনুভৱ নকৰিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ জীৱিত দেৱ-দূতৰ দৰে হব ,এই মুহূৰ্ত বোৰক উদযাপন কৰক।
কুম্ভ ৰাশি : সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হব পাৰে। আজি আপোনাৰ অৰ্থ খৰচ কৰিব দৰকাৰ নহব কাৰণ ঘৰৰ কোনোবা ডাঙৰ জনে আপোনাক পইচা দিব পাৰে। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমণ হোৱা আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি থাকিব পাৰে। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। সন্তোষজনক পৰিণাম পাবৰ বাবে কামক যোজনাবদ্ধ ভাৱে কৰিব চেষ্টা, অফিচত সমস্যা সমাধান কৰিবলৈ গ’লে মানসিক অশান্তিৰ সন্মূখীন হব পাৰে।
মীন ৰাশি : আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশো হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই ,কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশা বোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। এই ৰাশিৰ কিছুমান লোকৰ আজি সন্তানৰ পৰা আৰ্থিক লাভ হোৱাৰ আশা আছে। আজি আপুনি নিজৰ সন্তানক লৈ বাৰুকৈয়ে গৌৰভ অনুভৱ কৰিব। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহব । আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হব পাৰে এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰন ৰাখিব।