Local, Vocal, Global

Daily Horoscope for 13th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আপোনাৰ সহজ ভাৱে লব পৰা যিকোনো সমাধান সমূহে আপোনাৰ সমস্যাসমূহ সমাধান কৰিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে । আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ উপহাৰে আপোনাৰ দুখিত মনক উৎসাহ যোগোৱাত বহুত সহায় কৰিব।

বৃষ ৰাশি : আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আপুনি বন্ধু-বান্ধৱীৰ লগত বাহিৰত ফুৰিব যাওক। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। আজি আপুনি নিজৰ জীৱন সংগীৰ লগত বহুত ধুনীয়া মুহুৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। সুখ আপোনাৰ অন্তৰতেই থাকে আপুনি অকল অনুভৱ কৰিব দৰকাৰ।

মিথুন ৰাশি : পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়! যেতিয়া আপোনাৰ ওচৰত অধিক খালী সময় থাকিব তেতিয়া ঋণাত্মক চিন্তাক লৈ অধিক চিন্তিত নহ’ব।

কৰ্কট ৰাশি : বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকী কৰাই দিব ,যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হব ।

সিংহ ৰাশি : অৱসাদৰ বিপক্ষে আপোনাৰ হাহিঁয়ে আজি জয়ী সাবস্ত্য হব। আজিৰ দিনটোত এনেকুৱা বস্তু কিনি ৰখা ভাল হব ,যাৰ দাম আগলৈ গৈ বাঢ়িব পাৰে। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হব পাৰে।আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে কিন্তু অন্তত আপোনাৰ অনুভৱ হ’ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আপোনাৰ দিন বহুত ভাল যাব।

কন্যা ৰাশি : আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব । আপোনাৰ সহানুভূতি আৰু বুজন প্ৰকৃতিৰ বাবে আপুনি পুৰষ্কৃত হব,কিন্তু সাৱধান থাকক, কাৰণ সোনকালে লোৱা যিকোনো নিৰ্ণয় ভূল হব পাৰে। সাৱধান থাাকক ,কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধুলিসাৎ কৰাৰ যোজনা কৰি আছে। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱন সংগী আপোনাৰ মা-দেউতাতকৈ নিজৰ মা-দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হব। আপোনাৰ সন্তান শিক্ষাৰ ক্ষেত্ৰত ভাল কৰিব পাৰে যদি আপুনি সিহতঁৰ লগত সহযোগ কৰে।

তুলা ৰাশি : আপোনাৰ উৰ্জাৰ স্তৰ আকৌ বঢ়াবৰ বাবে বহুত বিশ্ৰাম কৰক ,কাৰণ ভাগৰুৱা শৰীৰে মগজুকো ভাগৰাই দিয়ে। আপুনি নিজৰ প্ৰকৃত ক্ষমতা চিনাক্ত কৰাৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ তাত ক্ষমতাৰ কম নাই হোৱা ,কম হৈছে ইচ্ছা শক্তিৰ । আজি আপোনাৰ জীৱন সংগীৰ লগত অৰ্থ সম্বন্ধীও বিষয়ক লৈ কাজিয়া হব পাৰে অৱশ্যে আপোনাৰ শান্ত স্বভাৱে সকলো ঠিক কৰাত আপোনাক বিশেষ সহায় কৰিব। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব,কাৰণ হ’ব পাৰে কাইলৈ বহুত দেৰি হৈ যাব পাৰে। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হব। জীৱন সংগীৰ বাবে আপোনাৰ কিছুমান যোজনা বেয়া হব পাৰে ,কিন্তু ধৈৰ্য ধৰি থাকক। ব্যৱসায়ত লাভ আজি এই ৰাশিৰ ব্যৱসায়ীৰ বাবে সোণোৱালী সপোন সচাঁ হোৱাৰ দৰে হ’ব।

বৃশ্চিক ৰাশি : ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশ দিও লাভান্বিত কৰিব। বন্ধু আৰু আত্মীয়ৰ লগত আনন্দ আৰু ফূৰ্তি কৰক। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হব। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচাৰা হয় তেতিয়া সংকোচ নকৰিব ,কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱন এক বিশিষ্ট দিশেদি লৈ যাব।

ধনু ৰাশি : আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। পৰিয়ালত কোনোবা বৰিষ্ঠ লোকৰ বেয়া শাৰীৰিক অৱস্থাই আপোনাৰ চিন্তাৰ কাৰণ হব পাৰে। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু-সৰু উপহাৰ বেলেগক দিয়ক। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।

মকৰ ৰাশি : আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত ,যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে ,যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কৰোবাৰ পৰা উপদেশ লব পাৰে।আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব । খালি সময়ৰ সদ ব্যৱহাৰ কৰিব আৰু সেইকামবোৰ পূৰণ কৰিবৰ চেষ্টা কৰিব যি যোৱা সময়ত পূৰ নাই হোৱা। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱন সংগীৰ লগত আজিৰ দিনটো বহুত ৰোমাণ্টিক ধৰণে অতিবাহিত হব পাৰে। ৰাতি আপুনি কাকো নোকোৱাকৈ ঘৰৰ বহিৰত ওলাই যাব পাৰে কাৰণ আপুনি কিবা মন দ্বন্দ্বৰ মাজত থাকিব যাৰ সমাধান আপুনি উলিয়াব পৰা নাই।

কুম্ভ ৰাশি : আপোনাৰ আত্ম বিশ্বাসেই আপোনাৰ হিৰোইজিম যেতিয়াই আপুনি যুজঁ কৰে আপোনাৰ বহুদিনীয়া বেমাৰৰ লগত। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হব। একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু আন কিছুমান কাম কৰোতে শেষ হব ।

মীন ৰাশি : আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। যিসকল লোকে বাচ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল ,আজি সিহতঁৰ পইচাৰ বহুত আৱশ্যকতা আহি পৰিব আৰু যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। ঘৰুৱা বিষয় সমূহত অধিক সমস্যা দেখা দিব আৰু আপুনি কথা দিয়া ধৰণে এই বিষয় টো গুৰ্ত্ব দিয়ে যেন।