Local, Vocal, Global

Daily Horoscope for 26th may কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল…

মেষ ৰাশি: আজি আপোনাৰ মনলৈ চিন্তা আহিব, মাতৃৰ স্বাস্থ্যক লৈ চিন্তাত থাকিব পাৰে ৷আপুনি অচিনাকি মহিলা আৰু পানীৰ পৰা আঁতৰত থাকক ৷ দিনটো মিশ্ৰিত ফলদায়ক ৷

বৃষ ৰাশি: আজি আপোনাক খং আৰু উদ্বেগে আগুৰি থাকিব ৷ শুভ দিন ৷নিজৰ শাৰীৰিক সামৰ্থ্য আৰু মানসিক চাহিদাৰ মাজত ভাৰসাম্য নাৰাখিলে সমস্যা বাঢ়িব।

মিথুন ৰাশি: বাহিৰলৈ যাওক আৰু বন্ধু আৰু পৰিয়ালৰ লোকক লগ কৰক, যি আপোনাক দিনটোলৈ সতেজ কৰি ৰাখিব ৷ টকা অসুবিধাত পৰিব পাৰে ৷সুন্দৰ পৰিবেশ আৰু পুৰ্ণ সহযোগ কৰা সহকৰ্মীয়ে আপোনাৰ দিন শুভ কৰি তুলিব ৷

কৰ্কট ৰাশি: আজি আপোনাৰ বাবে প্ৰেমৰ দিন বুলি কব পাৰি ৷ আজি দিনটোত আপোনাৰ বাবে বহুটো আশ্চৰ্য ৰৈ আছে , সেয়া আপোনাৰ বন্ধু ,অভিভাৱক আৰু প্ৰিয়জনৰ ফালৰ পৰা হ’ব পাৰে ৷

সিংহ ৰাশি: শান্ত থাকক ৷ কোনো সিদ্ধান্ত গ্ৰহণৰ আগতে দুবাৰ ভাবক ৷ আইনি কাম আজি পৰাপক্ষত নকৰাই মংগল ৷

কন্যা ৰাশি: আপোনাৰ অপেক্ষাৰ অন্ত পৰিল , ব্যক্তিগত আৰু কাৰ্যক্ষেত্ৰত লাভৰ দিন ৷ বিবাহৰ প্ৰাৰ্থী বিচাৰি থকা সকলে এই কেইদিনতে মনে বিচৰাজনক লগ পাব ৷

তুলা ৰাশি: এই সময় ঘৰৰ সুন্দৰ আৰু আশাজনক পৰিবেশত আপোনাৰ কামে গতি লাভ কৰিব ৷ ঘৰত আপুনি বহু উত্তেজনাৰ সন্মূখীন হ’ব পাৰে, যদি আপোনাৰ বৈবাহিক জীৱন একঘেয়ামি হৈছে তেন্তে আজি তাত নতুনত্ব আহিব ৷

বৃশ্চিক ৰাশি: আজি আপোনাৰ কামৰ ক্ষেত্ৰখনত অলপ প্ৰতিকূল ৷ শান্তভাৱে পৰিস্থিতিৰ সন্মুখীন হওক ৷ পত্নী বা সন্তানৰ লগত তৰ্ক নকৰিব যিয়ে আপোনাৰ মানসিক শান্তিত ব্যাঘাত জনায় ৷ ভ্ৰমণত বেছি খৰচৰ সন্মুখীন হ’ব ৷

ধনু ৰাশি: আপোনাক দিয়া কম সময়ত শেষ নহ’ব বুলি আপুনি মানসিক চাপত থাকিব লগা হ’ব ৷ ভৱিষ্যতৰ লক্ষ্যৰ কথা চিন্তা কৰিব লাগিব, বন্ধুৰ সৈতে সম্পৰ্ক পুনৰ গঢ়ি তোলাৰ দিন।

মকৰ ৰাশি: আজি আপোনাৰ সৌভাগ্যই দেখা দিব, এই সৌভাগ্যক গ্ৰহণ কৰক ৷ আপোনাৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি হ’ব ৷

কুম্ভ ৰাশি: ঘৰত শান্তি বিৰাজ কৰিব, আপোনাৰ মানসিক আৰু শাৰিৰিক স্বাস্থ্য ভাল বাবে এই শান্তি ভোগ কৰিব পাৰিব ৷ আপুনি আজি সুখী ব্যক্তি ৷ আপোনাৰ চলি থকা কাম সময়ত শেষ হোৱাত আপোনাৰ স্থিতি আৰু উৎসাহজনক হ’ব ৷

মীন ৰাশি: ছাত্ৰ-ছাত্ৰী সকলৰ বাবে উপযুক্ত দিন ৷ আজি যদি আপোনাক কোনো মহিলা বন্ধুৱে ফুৰিবলৈ যাবলৈ লগ ধৰে, সাবধান হওক। আপুনি মানসিকভাৱে কিবা কথাত ভাগি পৰিব পাৰে ৷