Local, Vocal, Global

Cyber Crime in Assam : অসমত মহাৰাষ্ট্ৰৰ চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল ;গ্ৰেপ্তাৰ ৫ চাইবাৰ অপৰাধী

নিউজ ডেস্ক,২১জুলাই : অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল । ৰাজ্যত সক্ৰিয়া হৈ আছে চাইবাৰ অপৰাধী। ৰাজ্যত চলিছে চাইবাৰ অপৰাধীৰ দপদপনি ৷ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হ’বলৈ ধৰিছে মধ্য অসম(Cyber criminal arrested ) ৷

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সজাগ হৈছে অসম আৰক্ষী । বিভিন্ন সময়ত অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ ঘাটি উৎখাত কৰি আহিছে । মধ্য অসমৰ চাইবাৰ অপৰাধীৰ ঘাটিত অসম আৰক্ষীৰ অভিযান ৷

মধ্য অসমত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ সংখ্যা ৷ ইয়াৰ সমান্তৰালকৈ প্ৰতিদিনেই চাইবাৰ অপৰাধীৰ ঘাটি কঁপাইছে নগাঁও আৰক্ষীয়ে(Cyber Crime in Assam) ৷

অসমত জাল মেলিছে মহাৰাষ্ট্ৰৰ চাইবাৰ অপৰাধীয়ে । মহাৰাষ্ট্ৰৰ চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল নগাঁৱত । স্থানীয় চাইবাৰ অপৰাধীৰ সহায়ত বহুজনক জালত পেলোৱাৰ পৰিকল্পনা কৰিছে এই অপৰাধী চক্ৰই । কিন্তু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বৰ নগাঁও আৰক্ষীৰ তৎপৰতাত পৰিকল্পনা কৰোঁতেই জালত পৰে চাইবাৰ অপৰাধীৰ এটা মাষ্টাৰ গেং ।

এক গোপন তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ সফলতা । নগাঁও আৰক্ষীৰ দলটোৱে প্ৰথমে গুৱাহাটীত অভিযান চলাই নগাঁৱৰ নুৰুল ইছলাম শেখ, মহাৰাষ্ট্ৰৰ আকাশ মাগ্ৰে আৰু আদিল শেখক আটক কৰিবলৈ সক্ষম হয় ।

প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে পুৱতি নিশাই গুৱাহাটীৰ পৰা তিনি চাইবাৰ অপৰাধীক আটক কৰাৰ পাচত নগাঁৱতো চাইবাৰ অপৰাধী চক্ৰটোৰ আন সদস্যৰ সন্ধানত অভিযান চলাই আৰক্ষীৰ দলটোৱে । নগাঁৱত আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত বৰপেটাৰ শ্বাহিন শ্বাহ আলম আৰু ফুৰকান আলী নামৰ আন দুই সদস্যকো আটক কৰিবলৈ সক্ষম হয় ।

চাইবাৰ অপৰাধ সংঘটিত কৰি সহজতে বিভিন্নজনৰ একাউণ্ট খালী কৰি দিয়া পাঁচজনীয়া চক্ৰটোৰ পৰা আৰক্ষীৰ দলটোৱে কেইবাটাও ম’বাইল ফোন, ATM CARD সহ কেইবাখনো বেংক পাছবুক জব্দ কৰিবলৈয়ো সক্ষম হয় । ইতিমধ্যে মহাৰাষ্ট্ৰৰ দুই চাইবাৰ অপৰাধীসহ নগাঁৱত গ্ৰেপ্তাৰ ৫ টা চাইবাৰ অপৰাধীক জেৰাৰ অন্তত শনিবাৰে বিয়লি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক : Woman Dies As Portion Of Mumbai Building Collapses After Heavy Rain : শোকাৱহ ঘটনা;বেলকনী খহি মৃত্যু মহিলাৰ;আহত ৪জন