Local, Vocal, Global

Curfew relaxed in Manipur: হিংসা জৰ্জৰ মণিপুৰৰ বিভিন্ন স্থানত শিথিল কৰা হৈছে সান্ধ্য আইন

নেশ্যনেল ডেস্ক, ২৬ মে’: মণিপুৰ চৰকাৰে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, ৰাজ্যখনৰ পূব আৰু পশ্চিম মণিপুৰত ২৬ মে’ৰ পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সান্ধ্য আইন কিছু শিথিল কৰা হৈছে (Curfew relaxed in East and West Manipur) ।

ঔষধ আৰু খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় (Buying for medicines and food supplies)ৰ বাহিৰে অন্য কোনো কামত জনসাধাৰণক ওলাবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি চৰ্ত সাপেক্ষেহে কোনো লোক নিজৰ বাসগৃহৰ পৰা ওলাই যাব পাৰিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে (Curfew relaxed in Manipur) ।

” যোৱা ৩ মে’ত ইম্ফল পূব জিলাত CrPC ৰ ১৪৪ ধাৰাৰ অধীনত জাৰি কৰা সান্ধ্য আইন (Total public curfew under Section 144 CrPC) 26 মে,ৰ পুৱা 5 বজাৰ পৰা দুপৰীয়া 12 বজালৈ শিথিল কৰা হৈছে । ঔষধ আৰু খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ৰয়ৰ সুবিধাৰ লগতে চৰ্ত সাপেক্ষেহে কোনো লোক নিজৰ বাসগৃহৰ পৰা ওলাই যাব পাৰিব ।” চৰকাৰী নিৰ্দেশনাটোত এইদৰে উল্লেখ কৰা হৈছে ।

বৰ্তমানেও শিথিলতা প্ৰয়োগ নকৰা অঞ্চলসমূহৰ ভিতৰত আছে- পূবে লামলং বজাৰৰ পৰা য়ংলান লেইৰাকলৈ আয়াংপল্লী পথ, পশ্চিমে মিনুথং হৈ থুম্বুথঙৰ পৰা ইম্ফল নদীৰ লামলং দলঙলৈ , উত্তৰে লামলং বজাৰ আৰু পূপ লামপাক হৈ ইয়ংলান লেইৰাকৰ পৰা থুম্বুথঙলৈ আৰু দক্ষিণৰ থাংগাপাট মাপাল ।

উল্লেখ্য যে, অহা ২৯ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ ভ্ৰমণ কৰাৰ কথা (Union Home Minister Amit Shah scheduled to visit Manipur)। বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে ৰাজ্যবাসীক আহ্বান জনাই উত্তৰ-পূবৰ এই ৰাজ্যখন অতি সোনকালে ভ্ৰমণ কৰি হিংসাৰ সৈতে জড়িত দুয়োটা সম্প্ৰদায়ৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা উল্লেখ কৰিছিল (Amit Shah Assam visit) ।

ইফালে পশ্চিম ইম্ফল জিলাৰ কদংবন্দত বুধবাৰে নতুনকৈ তিনিটা হিংসাত্মক ঘটনা সংঘটিত হোৱা বুলি চৰকাৰী তথ্যৰ জড়িয়তে জানিবলৈ দিয়া হৈছে । নতুনকৈ সৃষ্ট এই হিংসাত্মক পৰিস্থিতিৰ পিছত অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিছে ।

মণিপুৰত সংঘটিত এই জাতিগত হিংসাত্মক পৰিস্থিতিৰ ফলত চলিত মাহৰ আৰম্ভণিতে প্ৰায় ৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে উল্লেখ কৰিছিল (Manipur chief minister N Biren Singh) । হিংসাত্মক পৰিস্থিতিৰ সময়ত বহু সংখ্যক ঘৰ জ্বলাই দিয়াৰ ফলত অসংখ্য লোক গৃহহীন হৈ পৰিছে । ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বৰ্তমানেও বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি আহি আছে ।

ইফালে বিৰোধী দলসমূহে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত শান্তি-শৃংখলা বৰ্তাই ৰখাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে গৃহহীন হোৱা ৰাজ্যখনৰ হাজাৰ হাজাৰ লোকক শীঘ্ৰেই পুনৰ সংস্থাপনৰ দাবী কৰিছে ।

লগতে পঢ়ক: Amit Shah on Manipur violence : হিংসাৰ দাবানলেৰে জৰ্জৰিত মণিপুৰবাসীক শান্তিৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ, সকলোকে ন্যায়ৰ আশ্বাস