পশ্চিম বংগৰ মালদা জিলাত অশোধিত বোমা বিস্ফোৰণ মৃত্যু দুজন লোকৰ

নিউজ ডেক্স ,১৭জুলাই : দেওবাৰে পুৱতি নিশা পশ্চিম বংগৰ মালদা জিলাত সংঘটিত হয় ভয়ংকৰ (Crude Bomb Blast) বোমা বিস্ফোৰণ।
এই বিস্ফোৰণত দুজন লোকৰ মৃত্যু হয় আৰু আন এজন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
পুৱা প্ৰায় ২.৩০ বজাত সংঘটিত হৈছিল এই ভয়ংকৰ বিস্ফোৰণটো। তিনিজনকৈ লোক আহত হয় এই বিস্ফোৰণত। আহতসকলক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
চিকিৎসকসকলে তেওঁলোকৰ দুজনক মৃত বুলি ঘোষণা কৰে, আনহাতে আনজনক অতি সংকটজনক অৱস্থাত মালদা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
বোমা তৈয়াৰ কৰাৰ বাবে ব্যৱহৃত কিছুমান সামগ্ৰী ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে জানিব দিয়ে যে, মৃতব্যক্তি দুজক ফাৰজান এছ কে আৰু চাফিকুল ইছলাম বুলি চিনাক্ত কৰা হয় ।
মৃতব্যক্তি দুজনে মাণিকচক আৰক্ষী থানা অঞ্চলৰ জেচাৰথতলা বালুটোলাৰ এখন পথাৰত বোমা নিৰ্মাণ কৰি থকা অৱস্থাত এই দুৰ্ঘটনাজনিত বিস্ফোৰণটো সংঘটিত হৈছিল।
আৰক্ষীয়ে তেওঁলোকৰ অনুসন্ধান আৰম্ভ কৰিছে য’ৰ পৰা ইমান বৃহৎ পৰিমাণৰ বিস্ফোৰক অনা হৈছিল। বোমা নিৰ্মাণৰ উদ্দেশ্যও জানিব পৰা গৈছে বুলি আৰক্ষীয়ে জানিব দিয়ে।
আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ যাদৱে কয় যে, অঞ্চলটোত এটা বোমা নিষ্কাশন কাৰী দল আছে। এই বিস্ফোৰণৰ সৈতে জড়িত আনসকলৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
স্থানীয় লোকৰ ভাস্য় মতে, ভূমিক লৈ শাসনাধিষ্ঠিত TMC ৰ মাজত দলীয় কাজিয়াৰ বাবে অঞ্চলটোত যোৱা কেইসপ্তাহমানধৰি উত্তেজনাপূৰ্ণ ঘটনা সংঘটিত হৈ আছে।