CRPF to give security cover to CBI teams in Manipur : মণিপুৰত CBI ক নিৰাপত্তাৰ দিব CRPF য়ে
নেশ্যনেল ডেস্ক, ২৮ছেপ্টেম্বৰ : প্ৰায় প্ৰতিদিনে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাই জোকাৰি গৈছে মণিপুৰ । বিগত চাৰি মাহে মণিপুৰত বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা । অৱশেষত ২৩ছেপ্টেম্বৰ পৰা মণিপুৰত মুকলি কৰা হৈছিল ইণ্টাৰনেট সেৱা(Internet Services Suspended) । ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পিছতে পোহৰলৈ আহিছিল এক ভয়ংকৰ ঘটনাৰ । যি ঘটনাই পুনৰ জোকাৰি যায় ৰাজ্যখন(CRPF to give security cover to CBI teams in Manipur) ।
চলিত বৰ্ষৰ ৬ জুলাইত মণিপুৰৰ পৰা নিৰুদ্দেশ হোৱা দুই মেইটেই শিক্ষাৰ্থীৰ অপহৰণ আৰু হত্যাৰ সন্দৰ্ভত ইতিমধ্যে ২৭ ছেপ্টেম্বৰত বিশেষ সঞ্চালক অজয় ভাটনাগৰৰ নেতৃত্বত চিবিআইৰ এটা দলে ৰাজ্যখনত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ ইয়াৰ পিছতে এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰা অনুসৰি, চিবিআই দলটোৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ CRPF ক দায়িত্ব প্ৰদান কৰিছে ৷
জানিব পৰা মতে, অনাগত দিনত CBI ৰ দলটোৱে ৰাজ্যখনত চিবিআইলৈ পঞ্জীয়ন কৰা বা স্থানান্তৰ কৰা গোচৰসমূহৰ তদন্তৰ বাবে হিংসাত্মক ঘটনা সংঘটিত হোৱা স্থানসমূহ পৰিদৰ্শন কৰিব ৷ দলটোৱে হিংসাত্মক ঘটনা সংঘটিত হোৱা স্থানসমূহ পৰিদৰ্শন কৰি সেই স্থানসমূহৰ পৰা তথ্য আৰু প্ৰমাণসমূহ সংগ্ৰহ কৰি কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰলৈ (চিএফএছএল) প্ৰেৰণ কৰিব ৷ এই হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হোৱা অঞ্চলসমূহ পৰিদৰ্শনৰ সময়ত CBI ৰ দলটোৰ নিৰাপত্তাৰ বাবে CRPF ৰ কেইবাটাও দল নিয়োগ কৰিছে(CRPF to give security cover to CBI teams in Manipur) ৷
বৰ্তমান, চিবিআইয়ে প্ৰায় ১১ খন এজাহাৰ পঞ্জীয়ন কৰিছে ৷ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে দুগৰাকী জনজাতীয় মহিলাক উলংগ কৰি পেৰেড কৰা ভাইৰেল ভিডিঅ’ৰ গোচৰ ৷ ইতিমধ্যে CBI এ সকলো ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
উল্লেখ্য যে, শিক্ষাৰ্থী দুগৰাকীৰ মৃতদেহৰ ফটোও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছৰেৰ পৰা মণিপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লগতে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ সোমবাৰে ভাইৰেল হৈছিল দুই ছাত্ৰৰ মৃতদেহৰ ফটো(CRPF To Give Security Cover To CBI Teams Visiting Manipur) ৷
ইফালে মণিপুৰৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ২৭ ছেপ্টেম্বৰত পুনৰ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃ্দ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মণিপুৰৰ ৰাজ্যপালৰ নিৰ্দেশত গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা বুধবাৰে মণিপুৰৰ ১৯ খন আৰক্ষী থানাৰ অন্তৰ্গত এলেকা অশান্ত এলেকা হিচাপে ঘোষণা কৰে । ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কেইখনমান ঠাইত এই আইনৰ ম্যাদ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে কেন্দ্ৰ চৰকাৰে । লেমফেল চহৰ, সিংজামেই, চেলমাই ,লামছাংপাটছল, ৱাংগোল, প’ৰমপাট, হাইংগাংলামিয়াই, ইৰিবুং, লেইমাখং, থৌবাল, বিষ্ণুপুৰ, নেম্বল, মইৰাং, ককচিং, জিৰিবাম আৰু ইম্ফলত এই আইন পুনৰ প্ৰণয়ন কৰা হ’ব নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।
লগতে পঢ়ক :Manipur Students Killing: মণিপুৰত পুনৰ বন্ধ ইণ্টাৰনেট সেৱা,বন্ধ শিক্ষানুষ্ঠান