Local, Vocal, Global

Watch | Cricket competition of Mayang Teacher Sports Association,Jagiroad: জাগীৰোডৰ মায়ং শিক্ষক ক্ৰীড়া সংঘৰ ক্ৰিকেট প্ৰতিযোগিতা

জাগীৰোড: জাগীৰোডৰ মায়ং শিক্ষক ক্ৰীড়া সংঘৰ উদ্যোগত আৰু মায়ং খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত জাগীৰোডৰ নখোলা গ্ৰাণ্ট খেলপথাৰত দুদিনায়াকৈ অনুষ্ঠিত সীমিত অ’ভাৰৰ ক্ৰিকেট প্ৰতিযোগিতাত কপিলী একাদশে খিতাপ দখল কৰে। মুঠ ১০ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখন মায়ং শিক্ষক ক্ৰীড়া সংঘ আৰু কপিলী ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাত শিক্ষয়িত্ৰী স্মিতা ডেকা নেতৃত্বাধীন মায়ংগিনী একাদশ আৰু শিক্ষয়িত্ৰী সৰজু ভূঞা নেতৃত্বাধীন মঞ্জিমায়ং দলৰ মাজত অনুষ্ঠিত খেলখনত মায়ংগিনী ক্ৰিকেট একাদশ জয়ী হয়। তৃষ্ণামণি দাসে খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।

আনহাতে চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে কপিলী ক্ৰিকেট ক্লাবৰ শৈশৱ দাসে। প্ৰতিযোগিতাত পবিতৰা একাদশ, ভকতগাঁও ক্ৰিকেট ক্লাব, পকৰীয়া ব্লাষ্টাৰ, মণ্ডল সমন্বয়ক একাদশ, লিটল্ চেম্পচ্, আছিফ একাদশ দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলটোক সমাজহিতৈষী বাবুল চন্দ্ৰ দাস সোঁৱৰণী আৰু বিজিত দলক শিক্ষক- সংগঠক হৰকুমাৰ বৰা সোঁৱৰণী পুৰস্কাৰ প্ৰদান কৰে।

প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, মায়ং শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লেখামণি হীৰাই সংঘৰ পদক্ষেপৰ শলাগ লয়। অনুষ্ঠানত মায়ং খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি দীপক কুমাৰ মেধি, উপ-সভাপতি মিণ্টু কুমাৰ বৰঠাকুৰ, শিক্ষয়িত্ৰী কাশ্মিৰি ডেকা, সাংবাদিক যুগল বৰা, শিক্ষক খনিন্দ্ৰ ডেকা, প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখযোগ্য যে, প্ৰতিযোগিতাৰ আৰম্ভণিতে সংঘৰ সভাপতি বিপুল ৰাজকোঁৱৰে পতাকা উত্তোলন কৰে। কাৰ্যকৰী সভাপতি হেমন্ত চৌধুৰী আৰু সাধাৰণ সম্পাদক অনুপ কুমাৰ দাসে স্মৃতি তৰ্পণ কৰে। ক্ৰীড়া সংঘৰ প্ৰতিষ্ঠাপক সভাপতি বুধেশ্বৰ ডেকাই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।