Local, Vocal, Global

সাৱধান! ৰাজ্যত অব্যাহত আছে কৰ’নাৰ ত্ৰাস

ৰাজ্যত উদ্দেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ৩০৫৪ গৰাকী। ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১৯৭১ গৰাকী ৰোগীয়ে। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ মৃত্য ৭গৰাকী ৰোগীৰ। নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৭৩৫ কামৰূপ (মহানগৰ) জিলাৰ, ১৯২ গৰাকী কাছাৰ জিলাৰ ১৯৮ গৰাকী ডিব্ৰুগড়ৰ জিলাৰ আৰু ১৭৬ গৰাকী হোজাই জিলাৰ।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ১৮ হাজাৰ ৩৩৩ গৰাকী। বৰ্তমানলৈ ৯০,৬৯৭ গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩৩০ গৰাকী ৰোগীৰ। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৭,৩০৩ গৰাকী ৰোগী।
বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৪৮,৮৪৬ গৰাকী লোকৰ SWAB টেষ্ট সম্পন্ন কৰাৰ অন্তত আক্ৰান্তৰ হাৰ ৬.২৫ শতাংশ।