Local, Vocal, Global

১২-১৪ বছৰৰ শিশুৰ বাবে ক’ভিড ভেকচিন মুকলি-কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী

নিউজ ডেস্ক, ১৪ মাৰ্চঃ ১২ পৰা ১৪ বছৰৰ শিশুৰ বাবে সুখবৰ। বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড° মনসুখ মাণ্ডাভিয়াই ক’ৰণা ভাইৰাছৰ ভেকচিন সন্দৰ্ভত এই কথা সদৰী কৰে।

১২ বছৰৰ পৰা ১৪ বছৰৰ মাজৰ শিশুৰ বাবে এই ভেকচিন মুকলি কৰা হৈছে। লগতে তেঁও কয় যে, ১৬ মাৰ্চৰ পৰা এই ভেকচিন প্ৰদানৰ কাম আৰম্ভ হ’ব।

ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ বাবে শিশুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বহু পৰীক্ষাৰ অন্তত এই সুখবৰ সদৰি কৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা।

ইয়াৰ লগতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো সদৰি কৰে যে, ৬০ বছৰৰ ওপৰৰ সকলো লোকেই এতিয়া বুষ্টাৰ ডোজ গ্ৰহণ কৰিব পাৰিব। বৰ্তমানলৈকে কেৱল স্বাস্থ্যখণ্ডৰ সৈতে জড়িত, ফ্ৰণ্ট লাইন ৱৰ্কাৰছ আদিয়ে এই বুষ্টাৰ ডোজ লৈ আছিল।