Local, Vocal, Global

আদালততো ক’লে ‘মই ভাগৰা নাই’, ভিক্টৰক ৭ দিনৰ আৰক্ষীৰ জিম্মাত

নিউজ ডেস্ক, ১০ ছেপ্তেম্বৰ : আজি সন্ধিয়াৰ ভাগত কামৰূপৰ মুখ্য ন্যায়াধিশৰ দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় ভিক্টৰ দাসক৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত প্ৰাক্তন বিধায়কে ৩-৫ লাখ টকা সংগ্ৰহৰ টুইটাৰ যোগে অভিযোগ উত্থাপন কৰি প্ৰথমে গুৱাহাটী আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছিল৷

তাৰ পাছতে অভিযোগৰ দৰেই তথ্য দাখিল কৰাব নোৱাৰাত শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰ দাসক৷ তাৰ পাছতে আজি দিনটো মাৰাথন জেৰা চলোৱাৰ অন্তত আজি সন্ধিয়া আৰক্ষীয়ে কামৰূপৰ মুখ্য ন্যায়াধিশৰ দণ্ডাধীশৰ আদালতত হাজিৰ কৰে ভিক্টৰ দাসক৷ আদালতে ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ভিক্টৰ দাসক।

আৰক্ষীয়ে ১৪ দিনৰ বাবে বিচাৰিছিল জিম্মাত। আদালতৰ পৰা ওলাই যোৱাৰ সময়ত ভিক্টৰ দাসে কয় ‘‘মই ভাগৰা নাই।’ আদালতৰ পৰা পাণবজাৰ আৰক্ষী থানালৈ নিয়া হৈছে। নিশা পাণবজাৰ থানাত পুনৰ জেৰা কৰা হ’ব ভিক্টৰ দাসক।