এনচিপিৰ সভাপতি পদত বাহাল শাৰদ পাৱাৰ, পুনৰ ৪ বছৰৰ বাবে নিৰ্বাচিত
নিউজ ডেস্ক, ১০ ছেপ্তেম্বৰ : মহাৰাষ্ট্ৰৰ বিৰোধী দল এনচিপিৰ সভাপতি পদত বাহাল শাৰদ পাৱাৰ৷ শনিবাৰে শাৰদ পাৱাৰক পুনৰ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি চমুকৈ এনচিপিৰ সভাপতি ৰূপে নিৰ্বাচিত কৰা হয়।
৮১ বছৰীয়া নেতাজন আৰু চাৰি বছৰৰ বাবে দলৰ মুৰব্বী হৈ থাকিব৷ দিল্লীত দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত ঘোষণা কৰা হয়।