Watch | Corruption in the midday meal and building construction for the school students in goalpara: ৮৮০ নং মৌখোৱা চৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মধ্যহ্ন ভোজন আৰু বিল্ডিং নিৰ্মাণত ব্যপক দুৰ্নীতি

গোৱালপাৰা : গোৱালপাৰা জিলাৰ সিমান্তৱৰ্তী বৰপেটা জিলাৰ ৮৮০ নং মৌখোৱা চৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজন,ইউনিফৰ্ম আৰু বিল্ডিং নিৰ্মাণত সভাপতি আৰু অভিযন্তাৰ বিৰুদ্ধে যথেষ্ট দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰা মতে, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰহিম উদ্দিন আৰু অভিযন্তা আব্দুৰ ৰহিমে মিলি বিদ্যালয়ৰ প্রধান শিক্ষক গৰাকীক অন্ধকাৰত ৰাখি মধ্যাহ্ন ভোজন আৰু বিল্ডিং নিৰ্মাণত যথেষ্ট দুৰ্নীতি কৰি আহিছে।
মৌখোৱা চৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰঞ্জন দাসে সংবাদ মাধ্যমৰ আগত কয় যে, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুৰ ৰহিমে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজন নিয়মীয়াকৈ যোগান ধৰিবলৈ নিদিয়ে।মধ্যাহ্ন ভোজনৰ নামত অহা ধন সভাপতি ৰহিম উদ্দীনৰ হাতত তুলি নিদিলে মাৰপিট ভয় ভাবুকি দিয়ে প্ৰধান শিক্ষক গৰাকীক।
আনহাতে,প্ৰধান শিক্ষক গৰাকীয়ে উপায়ন্তৰ হৈ ছাত্ৰ ছাত্ৰীৰ নামত অহা মধ্যাহ্ন ভোজনৰ ধন সভাপতি ৰহিম উদ্দীনক হাতত তুলি দিয়ে ফলত সভাপতি গৰাকীয়ে ছাত্ৰ ছাত্ৰীক নিয়মীয়াকৈ খাদ্য যোগান নধৰি সকলো ধন আত্মহাত কৰে বুলি প্ৰধান শিক্ষক গৰাকীয়ে উল্লেখ কৰে।
কেৱল এয়াই নহয় ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ নামত দৰ্জীৰ পৰা ১০ হেজাৰ টকা উৎকোচ লোৱা বুলি সভাপতি ৰহিম উদ্দিনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ছাত্ৰ ছাত্ৰীৰ অভিবাভক সকলে।ইপিনে বিদ্যালয় খনৰ আন্তঃগাঁথনিৰ উন্নত কৰাৰ কাৰণে চৰকাৰে বিল্ডিং নিৰ্মানৰ বাবে প্ৰায় ৯ লাখ টকা আবন্টন দিয়ে।এই বিল্ডিং নিৰ্মাণ বাবে বিদ্যালয় খনৰ প্ৰধান শিক্ষক নিৰঞ্জন দাসৰ পৰা অভিযন্তা আব্দুৰ ৰহিমে ৫০ হাজাৰ টকা উৎকোচ লোৱা বুলি অভিযোগ উত্থাপন কৰি কয় যে,৫০ হাজাৰ টকা অভিযন্তা গৰাকীকক আদায় নিদিলে বিদ্যালয় বিল্ডিং গৃহৰ ধন মোকোলাই নিদিয়ে অভিযন্তা আব্দুৰ ৰহিমে এই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে প্ৰধান শিক্ষক নিৰঞ্জন দাসৰ লগতে স্থানীয় ৰাইজে।
লগতে পঢ়ক : Watch | Dergaon News: দেৰগাঁৱত চিলনী চোৰৰ তাণ্ডৱ