Local, Vocal, Global

শীতত অধিক ভয়াৱহ হ’ব কৰ’না সংক্ৰমণ

বিশ্বজুৰি কৰ’নাৰ দ্বিতীয় তাণ্ডৱ৷ মাৰাত্মক কৰ’না ভাইৰাছৰ ব্যাপক সংক্ৰমণক লৈ পুনৰ কঁপিছে সমগ্ৰ বিশ্ৱ৷ শংকিত ভাৰতো৷ স্বয়ং চীনেই দেওবাৰে সমগ্ৰ বিশ্ববাসীক সকীয়াই দিছে প্ৰথম পৰ্যায়তকৈও অধিক ভয়ংকৰ হ’ব কৰ’না ভাইৰাছৰ দ্বিতীয় ৱেব৷ ইউৰোপীয়ান ৰাষ্ট্ৰসমূহত ক’ভিড-১৯ৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ শীতকাল নামি অহাৰ লগে লগে ইউৰোপীয়ান ৰাষ্ট্ৰসমূহকে ধৰি দক্ষিণ-পূৱ এছীয়াৰ ৰাষ্ট্ৰসমূহতো কৰ’না ভাইৰাছে পূৰ্বতকৈ দুগুণ শক্তিশালী ৰূপত তাণ্ডৱ চলাব বুলি আগজাননী দিছে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ দ্বিতীয় ৱেব আৰম্ভ হোৱাক লৈ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই আগতীয়াকৈ গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা৷