Local, Vocal, Global

“মুখ্যমন্ত্ৰী সাহায্য পূঁজি” লৈ বৰঙণি

নিউজ ডেস্ক, ২০ জুন : বৰ্তমান সময়ত ৰাজ্যখনত অব্যাহত থকা অপৰিৱৰ্তিত বান পৰিস্থিতিত ৰাজ্যখনৰ ৩৩খন জিলাই বানৰ কবলত পৰিছে।

জনসাধাৰণৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাত বিভিন্নজন সহায়ৰ বাবে আগবাঢ়ি আহিছে।

প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলক পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি আহিছে । অসম চৰকাৰৰ এই যাত্ৰাত সহযোগিতা আগবঢ়োৱা উদ্দেশ্যসোমবাৰে চৰাইদেউ জিলাৰ অধীনস্থ সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজাববীয়াকৈ “মুখ্যমন্ত্ৰী সাহায্য পূঁজি” লৈ তিনি লাখ টকাৰ বৰঙণি আগবঢ়ায়।

উল্লেখযোগ্য যে, বৰ্তমান সময়লৈকে ভূমিস্খলন আৰু বানত প্ৰায় ৭১ জনকৈ লোকৰ মৃত্যু হৈছে।

ৰাজ্যৰ খনৰ ১২৭ টা ৰাজহ চক্ৰৰ মুঠ ৫,১৩৭ খন গাওঁ বৰ্তমানেও জলমগ্ন হৈ আছে। ৩৩ খনকৈ জিলাৰ প্ৰায় ৪২ লাখ লোক বানত আক্ৰান্ত হৈছে আৰু প্ৰায় ১,৮৬,৪০০ জন লোকে ৭৪৫টা বান শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে।