Local, Vocal, Global

Nehru death anniversary: আজি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬০ তম মৃত্যু বাৰ্ষিকী

নিউজ ডেস্ক,২৭মে’ : আজি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬০ তম মৃত্যু বাৰ্ষিকী ৷ সোমবাৰে কংগ্ৰেছ নেতাসকলে নতুন দিল্লীৰ শান্তি ভানত থকা স্মৃতিসৌধত উপস্থিত হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Congress pays tribute to former PM Jawaharlal Nehru on his 60th death anniversary) ৷

প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ মৃত্যুতিথিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰে। ইফালে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেয়েও সামাজিক মাধ্যমযোগে দেশৰ উন্নতি, দেশৰক্ষা আৰু ঐক্য সংহতি ৰক্ষাৰ বাবে লোৱা জৱাহৰলাল নেহৰুৱে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সংসদীয় অধ্যক্ষ ছোনিয়া গান্ধীৰ লগতে ৰাজ্যসভাৰ সাংসদ অজয় মাকনে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এক্স-ৰ এটা পোষ্টত খাৰ্গে নেহৰুক “জুৱেল অফ ইণ্ডিয়া” বুলি অভিহিত কৰে ।

লগতে তেওঁ উল্লেখ কৰে যে, “আধুনিক ভাৰতৰ পিতৃস্বৰূপ পণ্ডিত জৱাহৰলাল নেহৰুৰ অতুলনীয় অৱদান অবিহনে ভাৰতৰ ইতিহাস অসম্পূৰ্ণ ৷ যি ভাৰতক বৈজ্ঞানিক, অৰ্থনৈতিক, ঔদ্যোগিক আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত আগুৱাই লৈ গৈছিল ৷ গণতন্ত্ৰৰ সমৰ্পিত অভিভাৱক, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু আমাৰ অনুপ্ৰেৰণাৰ উৎস । মৃত্যু বাৰ্ষিকীত “ভাৰতৰ জুৱেল” লৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো” ৷

উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা স্বাধীনতা সংগ্ৰামী জৱাহৰলাল নেহৰুৱে ১৯৪৭ চনত স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হয় । নেহৰুৱে ১৬ বছৰতকৈও অধিক সময় মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল ৷ ১৯৬৪ চনৰ ২৭ মে’ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

তেওঁৰ পিছত, লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে । শিশুৰ প্ৰতি থকা নেহৰুৰ মৰমৰ বাবে তেওঁক ‘চাচা নেহৰু’ বুলিও কোৱা হৈছিল ৷ ১৪ নৱেম্বৰত তেওঁৰ জন্ম জয়ন্তীৰ দিনটো ভাৰতত প্ৰতি বছৰে শিশু দিৱস হিচাপেও পালন কৰা হয়(Nehru death anniversary) ।

লগতে পঢ়ক : New schedule of schools in jorhat from Monday : সোমবাৰৰ পৰা বিদ্যালয়ত পাঠদানৰ নতুন সময়সূচী নিৰ্ধাৰণ!