Local, Vocal, Global

Road Accident In Karnataka : চাৰিচকীয়া বাহনখনৰ খুন্দা ডিভাইডাৰত;নিহত একেটা পৰিয়ালৰ ৬গৰাকীকৈ লোক

নেশ্যনেল ডেস্ক,২৭মে’ : এক মৰ্মান্তিক দুৰ্ঘটনা । নিহত একেটা পৰিয়ালৰ ৬গৰাকীকৈ লোক(Road Accident In Karnataka) ।

কৰ্ণাটকত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।দেওবাৰে কৰ্ণাটকৰ ৭৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাছান নগৰত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

জানিব পৰা মতে,চিক্কাবল্লাপুৰা জিলাৰ পৰা আহি থকা চাৰিচকীয়া বাহনখন মাংগালুৰুত চিকিৎসাধীন হৈ থকা আত্মীয়ক চাবলৈ গৈছিল ৷ পিচত মাংগালুৰুৰ পৰা উভতি অহাৰ সময়তে চাৰিচকীয়া বাহনখনে ডিভাইডাৰত খুন্দা মাৰি কাষৰ পথত জঁপিয়াই ট্ৰাকত খুন্দা মাৰে ৷ তাৰ পিছতে ছিন্নভিন্ন হৈ পৰে বাহনখন(6 from family die in road accident near Hassan in Karnataka) ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ পৰা মৃতদেহবোৰ উদ্ধাৰ কৰে ৷

এই ভয়ংকৰ দুৰ্ঘটনাত এটি শিশুসহ এটা পৰিয়ালৰে ৬গৰাকীয়ে লোকে অকাল মৃত্যুক আঁকোৱালি লয়। নিহত সকলৰ ভিতৰত দুগৰাকী মহিলা, তিনিজন পুৰুষ আৰু এটি শিশু আছে ৷ মৃত আটাইকেইজন একে পৰিয়ালৰ লোক বুলি বুলি জানিব পৰা গৈছে ৷ এই দুৰ্ঘটনাত মৃত্যু হোৱা লোককেইজন নাৰায়ণপ্পা, সুনন্দা, ৰবিকুমাৰ, নেত্ৰা, চেতন (শিশু) আৰু ৰাকেশ (চালক)ৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Nehru death anniversary: আজি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬০ তম মৃত্যু বাৰ্ষিকী