Congress Member Mridul Islam :আজি মৃদুলৰ পত্নীৰ চাকৰি বিচাৰি মুখ্যমন্ত্ৰীক আবেদন কৰিব প্ৰদেশ কংগ্ৰেছে

নিউজ ডেস্ক,২১ডিচেম্বৰ : আজি মৃদুলৰ পত্নীৰ চাকৰি বিচাৰি মুখ্যমন্ত্ৰীক আবেদন কৰিব প্ৰদেশ কংগ্ৰেছে।
মৃদুলৰ পত্নীক চাকৰি নিদিলে শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছে উলিয়াব যাত্ৰা(Congress Member Mridul Islam)।
মৃদুলৰ পত্নীৰ ক্ষতিপূৰণ বিচাৰি ৰাইজৰ কাষ চাপিব ভূপেন বৰা। জনতাই আগবঢ়োৱা দান-বৰঙনি কংগ্ৰেছে প্ৰদান কৰিব মৃদুলৰ পত্নীক। প্ৰায় ১ কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছে কংগ্ৰেছ নেতৃত্বই।
উল্লেখ্য, বুধবাৰে কংগ্ৰেছৰ ‘ৰাজভৱন চলো’ প্ৰতিবাদত মৃত্যু হৈছিল মৃদুল ইছলামৰ।
লগতে পঢ়ক :Congress Member Mridul Islam : মৃদুল ইছলামৰ মৃত্যু পৰিকল্পিত হত্য়া কাণ্ড আছিল নেকি?