By-election Results 2024: উপ-নিৰ্বাচনত জয় I.N.D.I এলায়েন্সৰ;১৩ সমষ্টিত ১০খনকৈ আসনত জয়লাভ I.N.D.I এলায়েন্সে
নেশ্যনেল ডেস্ক,১৩জুলাই : উপ-নিৰ্বাচনত জয় I.N.D.I এলায়েন্সৰ । উপ-নিৰ্বাচন হোৱা ১৩ সমষ্টিত ১০খনকৈ আসনত জয়লাভ I.N.D.I এলায়েন্সে। মাত্ৰ দুখন আসনতে সন্তুষ্ট থাকিবলগীয়া হ’ল বিজেপি। অযোধ্যাৰ পিছত বদ্ৰীনাথতো মুখঠেকেচা খালে বিজেপিয়ে ।
দেশৰ ৭ খন ৰাজ্যৰ ১৩ খন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ’ল । এই উপ-নিৰ্বাচনত ১৩ খন আসনৰ ভিতৰত বিজেপিয়ে মাত্ৰ ২ খন আসনহে লাভ কৰিছে। আনহাতে বিৰোধী দলসমূহে ১০ খন আসন লাভ কৰিছে। বিহাৰৰ ৰূপৌলী আসনত জয়লাভ কৰিছে এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে। সামগ্ৰিকভাৱে এই উপ-নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে বৃহৎ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে(By-election Results 2024) ।
২ খন ৰাজ্যৰ ৫ খন আসনৰ ভিতৰত ৪ খনত কংগ্ৰেছে, বংগৰ ৪ খন আসনৰ আটাইকেইখন টি এম চি আৰু পঞ্জাৱত আম আদমী পাৰ্টিয়ে এখন আসন লাভ কৰিছে। হিমাচলৰ হামিৰপুৰকে ধৰি মাত্ৰ ২ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে । আনহাতে বিহাৰৰ ৰূপাউলীত JDU আৰু RJD দুয়োটা দলেই পৰাজয়ৰ সন্মুখীন হৈছে। ইয়াত নিৰ্দলীয় প্ৰাৰ্থী শংকৰ সিঙে জয়লাভ কৰিছে। তামিলনাডুৰ বিক্ৰবান্দিৰ আসন লাভ কৰিছে DMK য়ে।
উল্লেখযে ৭ খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ ফলাফলে উদ্বেগ বৃদ্ধি কৰিছে বিজেপিৰ । এই উপ-নিৰ্বাচনত মাত্ৰ ২ খন আসন লাভ কৰা বিজেপিয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত পশ্চিম বংগত লাভ কৰা ৩খন আসনো হেৰুৱাইছে। ইয়াৰ সমান্তৰালভাৱে বিহাৰত এনডিএ আৰু ইণ্ডিয়া মিত্ৰজোঁটে পৰাজয়ৰ সন্মুখীন হৈছে(Congress-Led INDIA Bloc Wins 10 Seats; BJP 2) ।
কংগ্ৰেছে ১৩ খন আসনৰ ভিতৰত ৮ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল, ইয়াৰে ৪ খন আসনত দলটোৱে জয়লাভ কৰিছে। আনহাতে মমতা বেনাৰ্জীয়ে নেতৃত্বাধীনে টিএমচিয়ে বংগৰ চাৰিওখন আসনৰ উপ-নিৰ্বাচনত জয়লাভ কৰিছে। ইয়াৰ উপৰিও আম আদমী পাৰ্টিয়ে পঞ্জাৱত নিজৰ আসন ৰক্ষা কৰাত সফল হৈছে । আনহাতে আটাইতকৈ বৃহৎ ধৰণৰ ফলাফল হৈছে বিহাৰৰ ৰূপৌলী আসনত । ইয়াত নিৰ্দলীয় প্ৰাৰ্থী শংকৰ সিঙৰ হাতত আৰজেডিৰ বিমা ভাৰতী আৰু জেডিইউৰ কালাধৰ মণ্ডল পৰাজয় হৈছে।
২০২১ চনৰ বিধানসভা নিৰ্বাচনত বংগৰ ৰানাঘাট দক্ষিণ, বাগদা আৰু ৰায়গঞ্জৰ আসনত বিজেপিয়ে জয়লাভ কৰিছিল যদিও এতিয়া এই তিনিওখন আসনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে দলটোৱে। বিজেপিৰ বিধায়কসকলৰ পদত্যাগৰ বাবেই বংগৰ এই তিনিখন আসনৰ উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰে দুজন প্ৰাৰ্থীক উপ-নিৰ্বাচনত টিএমচিয়ে প্ৰক্ষেপ কৰিছিল ।
ইফালে, নিৰ্দলীয় বিধায়কৰ পদত্যাগ আৰু বিজেপিত যোগদানৰ বাবে হিমাচলৰ তিনিওখন আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও বিজেপিয়ে এই আসনসমূহৰ মাত্ৰ এখন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক : Student goes missing : গোলাঘাট জিলাৰ অন্তৰ্গত বৰপথাৰ ৰে’লৱে ষ্টেচনৰ পৰা সন্ধানহীন ছাত্ৰ