Student goes missing : গোলাঘাট জিলাৰ অন্তৰ্গত বৰপথাৰ ৰে’লৱে ষ্টেচনৰ পৰা সন্ধানহীন ছাত্ৰ
নিউজ ডেস্ক,১৩জুন : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।
এইবাৰ গোলাঘাট জিলাৰ অন্তৰ্গত বৰপথাৰ ৰে’লৱে ষ্টেচনৰ পৰা সন্ধানহীন এজন ছাত্ৰ। সন্ধানহীন ছাত্ৰজনৰ নাম কিৰণ সোণাৰ, বয়স ১৮ বছৰ বুলি জানিব পৰা গৈছে(Student goes missing) ।
জানিব পৰা মতে, ৯ জুলাইৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন । ৯ জুলাইৰ দিনা নাজিৰাৰ শিমলুগুৰিস্থিত মোমায়েকৰ ঘৰলৈ বুলি বৰপথাৰ ষ্টেচনত উপস্থিত হৈছিল ছাত্ৰগৰাকী। কিন্তু উক্ত স্থানৰ পৰাই ছাত্ৰজনৰ আজি পৰ্যন্ত কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালে।ছাত্ৰজনে শেষবাৰৰ বাবে মাকৰ সৈতে কথা পাতি জনাইছিল যে তেঁও কোনো অচিনাক্ত লোককেইজনমানে আমনি দিছে। তেতিয়াৰ পৰাই পৰিয়ালৰ সৈতে যোগাযোগ নাই কিৰণ সোণাৰৰ।
ঘটনা সন্দৰ্ভত ছাত্ৰগৰাকীৰ পিতৃ-মাতৃয়ে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। স্থানীয় আৰক্ষী থানৰ উপৰি ছাত্ৰজনৰ ম’বাইল ট্ৰেক কৰি লাষ্ট লোকেশ্বনৰ ঠিকনা ডিফুত লাভ কৰিছিল। সেয়েহে ডিফুৰ আৰক্ষীকো ঘটনা সন্দৰ্ভত অৱগত কৰে পিতৃ-মাতৃয়ে। যদি কোনো সদাশয় লোকে ছাত্ৰ কিৰণ সোণাৰৰ সম্ভেদ পাই তেন্তে স্থানীয় আৰক্ষী তথা পৰিয়ালৰ লোকক অৱগত কৰিবৱৈ অনুৰোধ জনাইছে(Student goes missing)।
লগতে পঢ়ক : Excise Departments raids in Bongaigaon :বঙাইগাঁৱৰ চিকটাগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান