Water Explosion in Guwahati : হিমান্ত চৰকাৰক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেত্ৰীৰ

গুৱাহাটী, ১৩ জুন : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন মূৰৰ পৰা গেলিছে । এটা বিভাগো ভালদৰে চলাবলৈ সক্ষম হোৱা নাই এইখন চৰকাৰে । প্ৰত্যেক দিনাই মানুহ হাৰায়াস্তিত আছে । সেয়েহে ৰাইজে নিজৰ ব্যৱস্থা নিজেই লওক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে (Congress leader Meera Barthakur) ৷ বৰঠাকুৰে সকলোকে ব্যক্তিগত পানী কিনি চলি থাকিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে চৰকাৰী পানী খাবলৈ হ’লে মৃত্যুমুখত পৰিব লাগিব বুলিও উল্লেখ কৰে ।
ধাৰৰ টকাৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহল আৰু গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ নাৰায়ণ ডেকাই গুৱাহাটীৰ কৃত্ৰিম বানপানী চাবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰে বুলি শাসকীয় দলটোক তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে তেওঁলোকে বানপানী চাবলৈ হেলিকপ্টাৰ ব্যৱহাৰ নকৰে বৰঞ্চ গুৱাহাটীৰ কৰবাত খালি মাটি আছে নেকি সেইটো চাবলৈহে হেলিকপ্টাৰ ব্যৱহাৰ কৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।
সোমবাৰে গুৱাহাটীৰ কমাৰ্চ পইণ্টত হোৱা জল বিস্ফোৰণৰ স্থান পৰ্যবেক্ষণ কৰি এই মন্তব্য আগবঢ়াই কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । পূৱ-গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এলেকাটোত ঘটনা সংঘটিত হোৱাৰ পিছতো স্থানীয় বিধায়কক দেখা নোপোৱাত নেত্ৰীগৰাকীয়ে কয় যে, পূৱ গুৱাহাটীত বিজেপিৰ এগৰাকী বিধায়ক আছে বুলি ৰাইজে পাহৰিছে । একেই প্ৰসংগত বিজেপি দলৰ অন্তঃকন্দল সন্দৰ্ভতো বক্তব্য আগবঢ়ায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
সংবাদ মাধ্যমৰ জৰিয়তে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাই যে অশোক সিংঘলক গুৱাহাটী উন্নয়নৰ মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে, তাৰ পৰা আতৰাই PWD বিল্ডিং বনোৱা কামত নিয়োজিত কৰক । লগতে তেওঁ কয় যে হিমন্ত চৰকাৰ মূৰৰ পৰা গেলিছে গতিকে তেওঁ তলৰ খলা বমা বিলাক প্ৰত্যক্ষ কৰক । এনেদৰে তীব্ৰ সমালোচনা কৰিছে হিমন্ত চৰকাৰ খনক কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ।
উল্লেখ্য যে, খাৰঘুলি, মালিগাঁৱৰ পিছত সোমবাৰে দিনৰ ভাগত মহানগৰীৰ ৰাজগড় আৰু কমাৰ্চ পইণ্ট সংযোগী পথত জলবোৰ্ডৰ পাইপ ফুটি জলবিস্ফোৰণ সংঘটিত হৈছিল (Water Explosion in Guwahati)৷ ফলত জলমগ্ন হৈ পৰিছিল বিস্তীৰ্ণ অঞ্চলটো (Water pipe burst) ৷ এই ঘটনাত কোনো লোক হতাহত হোৱা নাছিল যদিও আৱাসিক তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি সাধন হয় ।